অসম লাইভ ২৪ঃ ১৪ জুন। আত্মহত্যা কৰিছিল বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতে। কি কাৰণে আত্মহত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে। বহুতে কৈছে সুশান্তক পৰিকল্পনা কৰি হত্যা কৰা হৈছে। মৃত্যুৰ ৩ সপ্তাহ পাৰ হৈ গ’ল যদিও এতিয়াও অনুৰাগীয়ে পাহৰিব পৰা নাই সুশান্তক। সুশান্তৰ মৃত্যুৰ তদন্তৰ বাবে সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীকে ধৰি ২৭ জনক সোধা-পোছা কৰিছে বান্দ্ৰা পুলিচে। সুশান্তৰ শেষ ছবি ‘দিল বেচাৰা’ত সুশান্তৰ সৈতে অভিনয় কৰা সঞ্জনা সাংঘীক জেৰা কৰিছে পুলিচে। পৰিচালক সঞ্জয় লীলা ভান্সালীকো জেৰা কৰিছে বান্দ্ৰা পুলিচে। এনে সময়ত এক চাঞ্চল্যকৰ দাবী কৰিছে RAWৰ প্ৰাক্তন অফিচাৰ এন কে ছুডে। তেওঁৰ দাবী- অতি নিখুঁত কৌশলেৰে শীতল মস্তিষ্কৰে হত্যা কৰা হৈছিল সুশান্তক। সুশান্তক হত্যা কৰিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে। ইব্ৰাহিম বৰ্তমান মুম্বাইত নাথাকিলেও ডাউদৰ ৰাজত্ব এতিয়াও মুম্বাইত চলি আছে। বাহুবল-ধনবলেৰে এতিয়াও ডাউদে মুম্বাইৰ অপৰাধ জগতখন নিয়ন্ত্ৰণ কৰি আছে। বিগত কেইমাহমান পূৰ্বে সুশান্তক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। যাৰ বাবে সুশান্তে ৫০ বাৰ পৰ্যন্ত ছিম কাৰ্ড সলনি কৰিছিল। কোনোৱে হত্যা কৰাৰ আশংকাত সুশান্তে গাড়ীতে শুইছিল বুলি দাবী কৰিছে অফিচাৰগৰাকীয়ে। সুশান্তৰ মৃত্যুৰ আগদিনা চিচিটিভি কেমেৰা বন্ধ কৰি থোৱা হৈছিল, ডুপ্লিকেট চাবি হেৰুওৱাৰ দৰে অনেক তথ্য প্ৰমাণ আছে। আৰু ইয়াৰ দ্বাৰাই ক’ব পাৰি যে কোনোৱে অতি শীতল মস্তিষ্কৰে সুশান্তক হত্যা কৰিছে। এয়া RAWৰ প্ৰাক্তন বিষয়াগৰাকীৰ দাবী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ