অসম লাইভ ২৪ঃ কালাৰ্ছ চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিক ‘নাগিন’। সেই ‘নাগিন’ৰ জৰিয়তে দৰ্শকৰ বুকুত ঠাই দখল কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী অনিতা হাছান আনডানিয়ে। ৰাইজৰ মাজত অভিনেত্ৰীগৰাকী জনপ্ৰিয় হৈছিল ‘নাগিন’ নামেৰে। সৰু পৰ্দাৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী এতিয়া অন্তঃসত্ত্বা। অনিতা আৰু তেওঁৰ স্বামী ৰোহিত ৰেড্ডী এতিয়া সাজু হৈছে তেওঁলোকৰ জীৱনলৈ আহিবলগীয়া নতুন সদস্যগৰাকীক আদৰিবলৈ। যাৰ বাবে তেওঁলোকে কৰাই এক ফটোশ্বুট। ফটোশ্বুটৰ কিছু দৃশ্যাংশ নিজৰ ইনষ্ট্ৰাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। সেই দৃশ্যাংশ শ্বেয়াৰ কৰাৰ লগে লগেই এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিল ভাইৰেল। অনুৰাগীয়ে শুভেচ্ছাৰে উপচাই পেলালে দুয়োকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ