অসম লাইভ ২৪ঃ ৰাম মন্দিৰৰ সমান্তৰালকৈ অযোধ্যাত মছজিদ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে। অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ আৰ্হি ইতিমধ্যে প্ৰস্তুত হৈছে। কেনেকুৱা হ’ব নিৰ্মাণ হ’বলগা মছজিদটি? হিন্দু ইছলামিক কালছাৰেল ফাউণ্ডেশ্যনে মুকলি কৰিছে এই আৰ্হি। ডিম্বাকৃতিৰ হ’ব অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদটি।এই ডিম্বাকৃতিৰ মছজিদত নাথাকে গম্বুজ। মছজিদ পৰিসৰত থাকিব সংগ্ৰহালয়, চিকিৎসালয়, পুঁথিভড়াল, ৰাজহুৱা ৰন্ধন গৃহ ইত্যাদি। অযোধ্যাৰ ধননিপুৰত নিৰ্মাণ হ’ব লগা মছিজদটি দুবছৰৰ ভিতৰত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কেতিয়া আৰম্ভ হ’ব নিৰ্মাণকাৰ্য? মছজিদ নিৰ্মাণৰ নক্সা গৃহীত হোৱাৰ পাছত আৰু মাটি পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে মছজিদ নিৰ্মাণৰ দিন স্থিৰ কৰিব নিৰ্মাণ সমিতিয়ে। মছজিদৰ আধাৰশিলা স্থাপন সন্দৰ্ভত শনিবাৰে ইণ্ডো ইছলামিক কালছাৰেল ফাউণ্ডেশ্যনৰ বৈঠকত আলোচনা হয়। কোনে আধাৰশিলা স্থাপন কৰিব সেই বিষয়েও আলোচনা হৈছিল। কিন্তু কোনো ঘোষণা কৰা নাই ফাউণ্ডেশ্যনে। অৱশ্যে এই কথা ঠিক যে অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ যি নক্সা মুকলি কৰিছে ইয়াৰ পৰা অনুমান কৰিব পাৰি দেশবাসীৰ চকু থৰ হোৱা আন এক স্থাপত্যৰে চহকী হ’ব অযোধ্যা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ