অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ অযোধ্যা মছদজিদৰ নক্সা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ১৯৯২ চনত হিন্দুত্ববাদী সংগঠনসমূহে ধ্বংস কৰা বাবৰি মছজিদৰ সমান এলেকাজুৰি নিৰ্মাণ কৰা হ’ব এই নতুন মছজিদটো। উল্লেখ্য যে অযোধ্যাৰ মছজিদটো নিৰ্মাণৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক মাটি প্ৰদানৰ বাবে নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰে মছজিদ নিৰ্মাণৰ বাবে ধন্নিপুৰত পাঁচ একৰ মাটি প্ৰদান কৰিছে। পাঁচ একৰ মাটিত মছজিদৰ সৈতে ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, ইন্দো ইছলামিক ৰিচাৰ্ছ চেন্টাৰ আৰু কমিউনিটি কিচেন নিৰ্মাণ কৰা হ’ব বুলি ছুন্নী ব’র্ডে ঘোষণা কৰিছিল। ইফালে ইন্দো ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন ট্ৰাষ্টে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে। ট্ৰাষ্টে মজদিৰ নক্সা প্ৰস্তুত কৰিবলৈ জামিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ স্থাপত্য বিভাগৰ সভাপতি অধ্যাপক এছ এম আখতাৰক দায়িত্ব দিছিল। আখতাৰে প্ৰস্তুত কৰা নক্সাৰ মতে নতুন মছজিদটো বাবৰি মছজিদতকৈ আকৃতিত পৃথক হ’ব। আধুনিক স্থাপত্যৰ আৰ্হিৰে নিৰ্মাণ কৰিবলগীয়া মছজিদটোত একেলগে ২ হাজাৰ মানুহে নামাজ পঢ়িব পাৰিব বুলি জানিব পৰা গৈছে। মছজিদৰ গম্বুজটো ডিম্বাকৃতিৰে ভূমিৰ পৰা প্ৰায় ১৫ হাজাৰ ফুট উচ্চতালৈকে নিৰ্মাণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ