অসম লাইভ ২৪ঃ আপোনাৰো আছে নেকি hikeত একাউণ্ট? তেন্তে আপোনালৈও আহিছে সেই বিশেষ মেছেজটো। মেছেজটো পঠিয়াইছে টীম hikeৰ পৰা। য’ত স্পষ্টকৈ লিখা আছে আজি অৰ্থাৎ ১৪ জানুৱাৰী ২০২১ৰ নিশা ১১.৫৯ বজাত চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব hike। উল্লেখযোগ্য যে, ভাৰতীয় এপ hikeত প্ৰথমবাৰৰ বাবে কল আৰু ভিডিঅ’ কল কৰাৰ সুবিধা আছিল। আনহাতে hikeৰ ষ্টিকাৰো আছিল জনপ্ৰিয়। hikeৰ ceo কভিন ভাৰতী মিট্টলে জনোৱা মতে ভবাৰ দৰে সফলতা লাভ কৰিব পৰা নাছিল এপটোৰ জৰিয়তে। যাৰ বাবে ল’লে বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ