অসম লাইভ ২৪ঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিন। ৭০ৰ দেওনা গৰকিলে প্ৰধানমন্ত্ৰীগৰাকী। নৰেন্দ্ৰ মোদীক ওপজা দিন উপলক্ষে ছ’চিয়েল মিডিয়াত শুভেচ্ছাৰে উপচাই দিছে বিভিন্নজনে। বিজেপিৰ নেতা-কৰ্মীৰ উপৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, অৰবিন্দ কেজৰিৱাল, ৰাহুল গান্ধী, কৈলাস সত্যাৰ্থী, নীতিশ কুমাৰ আদিয়েও জনাইছে শুভেচ্ছা। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰী নেৰন্দ্ৰ মোদীক টুইটাৰযোগে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে বিজেপিয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। গছপুলি ৰোপণ, চাইকেল ৰেলী আদি দেশৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে বিজেপিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ