অসম লাইভ ২৪ঃ World Youth Skills Dayত প্ৰধানমন্ত্ৰীৰ ভাষণ। ৫ বছৰ পূর্বে আজিৰ দিনটোতে ‘কৌশল ভাৰত মিছন’ আৰম্ভ হৈছিল। তদুপলক্ষে Skill Development & Entrepreneurship মন্ত্ৰালয়ে আয়োজন কৰে এখন ডিজিটেল সন্মিলনৰ। এই সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- ‘যদি কৌশলৰ প্ৰতি আগ্ৰহী নহয়, তেনেহ’লে তেনে লোকৰ নতুনকৈ একো শিকাৰ আগ্ৰহ নাথাকে। জীৱনত সফলতাৰ চালক কৌশল হ’ব পাৰে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আজি ভাৰতে জ্ঞান আৰু কৌশলৰ মাজত পার্থক্য বুলি কাম কৰি থকা বুলি কয় নৰেন্দ্ৰ মোদীয়ে। দেশৰ শ্ৰমিকসকলৰ বাবে Skill Mapingৰ এটা পোর্টেল শীঘ্ৰে আৰম্ভ হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ