অসম লাইভ২৪ঃ অসমত আনুষ্ঠানিকভাৱে মুকলি হ’ল AIIMS। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে AIIMS। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,‘অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। এই ব’হাগ বিহুৰ আৰম্ভণিৰ দিনা আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছো। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো। অসমত এইমছ হ’ব, এয়া আমাৰ বাবে সপোন আছিল। ৭৫০ বিচনাযুক্ত এইমছ আজি আমাৰ বাবে বাস্তৱত ৰূপায়িত হ’ল।’
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয়,‘প্ৰতিখন জিলাতে এখন চিকিৎসালয় আমাৰ এক পণ আছিল। সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ গৈ আছো। আজি ১১, ১২ আৰু ১৩ নম্বৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ’ব। অসমত ২৪ খন মেডিকেল কলেজ স্থাপন কৰাই আমাৰ লক্ষ্য। দীনদয়াল উপাধ্যায়ৰ সপোন নৰেন্দ্ৰ মোদীয়ে বাস্তৱত ৰূপায়ন কৰিছে।’
প্ৰতিগৰাকী ৰেচন কাৰ্ডৰগৰাকীয়ে প্ৰতি বছৰে ৫ লাখ টকালৈ আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সুবিধা পাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ড০ শৰ্মাই কয়, ‘নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ–পূবত নতুন দিগন্তৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাত আমাৰ ৰাজ্য দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ মাজৰ এখন হ’ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে বুটাম টিপি আনুষ্ঠানিকভাৱে মুকলি কৰে কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও মেডিকেল কলেজো।’ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুটাম টিপি Assam Advanced Health care Innovation instituteৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণত কয়, ‘ভাৰতবৰ্ষত এতিয়া এইমছৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হ’ল। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত অসমৰ ১ কোটি ১০ লাখ লোকে প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত কাৰ্ড পাব। এই কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী লোকে বছৰত পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা পাব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ