অসম লাইভ ২৪ঃ আৰক্ষীয়ে ৬ মাহৰ বাবে বন্ধ কৰিলে এটি মছজিদ। ইছলামিক মৌলবাদীক সহায় কৰাৰ সন্দেহত ছমাহৰ বাবে এটা মছজিদ ৬ মাহৰ বাবে বন্ধ কৰি দিয়া হৈছে। ঘটনাটো ফ্ৰান্সৰ। পেৰিছৰ এজন শিক্ষকক ইছলামিক মৌলবাদীয়ে হত্যা কৰাৰ পাছতেই এই সিদ্ধান্ত লৈছে ফ্ৰান্স প্ৰশাসনে। ছেমুৱেল পয়াট্টী নামৰ শিক্ষকজনক হত্যাৰ ক্ষেত্ৰত এই মছজিদটোৰ একাংশ লোকে উচতনি দিয়াৰ প্ৰমাণ লাভ কৰিছে স্থানীয় প্ৰশাসনে। প্ৰশাসনৰ দাবী শিক্ষকজনৰ বিৰুদ্ধে উচতনিমূলকভাৱে ফেচবুকত সংশ্লিষ্ট মছজিদটোৰ পৰাই ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টো শ্বেয়াৰৰ মাত্ৰ কেইদিনমান পাছতে ছেমুৱেলক ডিঙি কাটি হত্যা কৰিছিল এটা ধর্মান্ধই। ফ্ৰান্সৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ে পেণ্টিনৰ মছজিদটো ৬ মাহৰ বাবে বন্ধ কৰি ঘোষণা কৰে ফ্ৰান্সত এনে অপৰাধীৰ কোনো স্থান নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ