অখিল গগৈয়ে নিৰ্বাচন খেলি যদি হাৰি যায়, তেতিয়া কি হ’ব ? গতিকে নিৰাপদ দূৰত্বত থাকি নিৰ্বাচন নেখেলাই মংগল বুলি কোৱা মানুহো এতিয়া বহুত। আমি কওঁ, অখিল গগৈয়ে নিৰ্বাচন খেলিব লাগে, এয়া সময়ৰ দাবী, অসমৰ মানুহৰ দাবী। যিসকলে অখিল গগৈক নিৰ্বাচন খেলাৰ ক্ষেত্ৰত বাধা দিব বিচাৰে বা হাৰিব বুলি শংকিত হৈছে তেওঁলোকে কানহায়া কুমাৰক অধ্যয়ন কৰক। বৰ্তমান ভাৰতীয় ৰাজনীতিত মোদী চৰকাৰ আৰু বিজেপিৰ দুৰ্ঘোৰ সমালোচক কানহায়াৰ সমুখত শাসকদলৰ কেউজন মুখপাত্ৰ ৰণত পৰিছে। তথ্য-যুক্তিৰে বিজেপিৰ মুখপাত্ৰ আৰু চৰকাৰখনৰ মুখ বন্ধ কৰি আহিছে কানহায়া কুমাৰে। সস্তীয়া কথা আৰু ফাঁকিক তথ্যৰে উদঙাই দেশজুৰি প্ৰচুৰ জনপ্ৰিয় হৈ উঠা কানহায়াই ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিহাৰৰ বেগুচৰাই সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ হাতত ৪ লাখৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। এই নিৰ্বাচনত কানহায়াই ২.৬৮ লাখ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ গিৰিৰাজ সিঙে লাভ কৰিছিল ৬.৮৮ লাখ ভোট। এটা কথা মন কৰক, বেগুচৰাইত মুঠ ভোটদান হৈছিল ১২.২৭ লাখ। প্ৰায় ৬ লাখ ভোট বিজেপি তথা গিৰিৰাজ সিঙৰ বিৰুদ্ধে গৈছিল। বেগুচৰাইত বিৰোধীৰ ভোট বিভাজনৰ সুযোগ লৈ গিৰিৰাজ সিং জয়ী হোৱা নাছিল জানো ? তদুপৰি গিৰিৰাজ সিঙে ব্যাপক হাৰত ধন নিৰ্বাচনত পানী কৰাৰ বিপৰীতে কানহায়া কুমাৰৰ ধনৰ ভঁৰাল আছিল শূন্য। আজিও শিৱসাগৰৰ পৰাই বিৰোধীৰ ভোট বিভাজন ৰোধেৰে বিজেপিক ভেটা দিয়াৰ ৰাজনীতি আৰম্ভ হোৱা উচিত। আৰু এটা কথা, বেগুচৰাইত কানহায়া কুমাৰ হৰা মানে বিহাৰৰ কথা বাদেই ভাৰতীয় ৰাজনীতিত কানহায়া কুমাৰৰ প্ৰাসংগিকতা হেৰাই যোৱা নাই। বৰঞ্চ, দিনকদিনে নতুন প্ৰজন্মৰ মাজত কানহায়াৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বৃদ্ধি পাইছে।ইয়াৰ পৰা অখিল গগৈয়েও শিক্ষা লোৱাৰ প্ৰয়োজনীয়তা আছে।
(লেখকৰ অনুমতি সাপেক্ষে ফে’চবুক ৱালৰ পৰা লোৱা হৈছে)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ