অসম লাইভ২৪ঃ টকা অবিহনে আপুনি জীয়াই থকাই অসম্ভৱ! খাই বৈ জীয়াই থাকিবলৈকে ধন লাগে। বহু ব্যক্তি আছে যিয়ে আয়তকৈ ব্যয় বেছি কৰে। বহুতেই আকৌ সঞ্চয় অধিক কৰে। ৰাশিচক্ৰৰ লক্ষণ চায়েই কোন ব্যক্তিয়ে কেনেকৈ অৰ্থ ব্যয় কৰে জানিব পাৰি। কেইটামান ৰাশিৰ লোক অৰ্থ পৰিচালনাত পাকৈত হয়।
মকৰ ৰাশিঃ এই ৰাশিৰ লোক অত্যন্ত নিখুত আৰু প্ৰৰিশ্ৰমী। তেওঁলোকে পৰ্যাপ্ত অৰ্থ উপাৰ্জনৰেই সমাজৰ উচ্চ আসন দখল কৰে। এই ৰাশিৰ বেছিভাগ মানসিকভাৱে বহু শক্তিশালী হয়। এওঁলোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সপোন বা লক্ষ্যসমূহ পূৰণ কৰে।
বৃষঃ এই ৰাশিৰ লোকৰ পঞ্চ ইন্দ্ৰিয় খুবেই সক্ৰিয়। অৰ্থাৎ স্বাদ, গোন্ধ, দৰ্শন, শ্ৰৱন আৰু স্পৰ্শ এওঁলোকৰ খুবেই সক্ৰিয়। বু্দ্ধিদীপ্তভাৱে এই ইন্দ্ৰিয়সমূহে কাম কৰাৰ বাবে বৃষৰাশিৰ লোকসকলে আৰ্থিকভাৱে উন্নতি কৰে। তেওঁলোকে ধন আয় আৰু ব্যয়ত সমতা বজাই চলে।
কুম্ভঃ কুম্ভ ৰাশিৰ লোকসকল সৃজনশীল। তেওঁলোকে ধন উপাৰ্জনৰ বাবে ভিন্ন পদ্ধতি উদ্ভাৱন কৰাৰ ওপৰিও ধন উপাৰ্জনৰ বিষয়সম্পৰ্কে জানিবলৈ সকলোসময়তে আগ্ৰহী হৈ থাকে। ইতিবাচক ফলাফলৰ বাবে তেওঁলোকে বহু পন্থাই অৱলম্বন কৰে।
তুলাঃ তুলা ৰাশিৰ জাতকসকল অত্যন্ত মোহনীয়। তেওঁলোকৰ সকলো কামেই নিখুঁত। তেওঁলোক পৰিশ্ৰমী।
কন্যাঃ কন্যাৰাশিৰ জাতকসকল অত্যন্ত সম্পদশালী। তেওঁলোকে আৰ্থিক বিষয় আৰু প্ৰাচুৰ্যৰ ফালে দৃষ্টি দিয়ে। তেওঁলোক বহু পৰিশ্ৰমী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ