শনিবাৰৰ নিশাৰে পৰা কেৰালাত আৰম্ভ হয় প্ৰৱল বৃষ্টিপাত৷ বৰষুণ মাথোঁ বৰষুণ৷ মূষলধাৰ বৰষুণ বন্ধ হোৱাৰ নামেই লোৱা নাই৷ আৰৱ সাগৰত সৃষ্টি হৈছে নিম্ন চাপ৷ ইয়াৰ ফলতেই ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণ৷ ফেনে-ফুটুকাৰে বৃদ্ধি পায় জলপৃষ্ঠ৷ বৃহৎ বৃহৎ বান্ধৰ পানী এৰি দিবলৈও বাধ্য হয় সংশ্লিষ্ট কৰ্তৃপক্ষ৷ এফালৰ পৰা ঢাহি-মুহি আহে বান৷ সন্মুখত যিয়েই পৰিছিল সকলো তচনচ হৈ গৈছে৷ নিমিষিতে নিশ্চিহ্ন হৈ গৈছে তাৰ অস্তিত্ব৷
এনে ভয়ংকৰ পৰিৱেশৰ মাজতে এটা ঘৰ বাগৰি পৰে ৰুদ্ৰমূৰ্তিধাৰী জলধাৰাত৷ এই ঘৰটোত বাস কৰা পিতৃ-মাতৃৰ সৈতে ৫টিকৈ শিশুক নিমিষতে উটুৱাই নিয়ে বানে৷ যাক আৰু বিচাৰি পোৱা নগ’ল৷ কেৰালাৰ কট্টায়ামত ১৪ জনৰ মৃত্যুৰ বিপৰীতে ৯ জনৰ মৃত্যু হয় ইডুক্কিত৷ বতৰ বিজ্ঞান কেন্দ্ৰয়ো সঠিকভাৱে ভৱিষ্যৎদ্বানী কৰিব নোৱৰাৰ অভিযোগ৷ পৰিস্থিতিৰ বুজ
লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও৷ আৰু কেন্দ্ৰৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে৷ এনে পৰিস্থিতিৰ মাজতে NDRF, SDRF, স্থল সেনা, নৌসেনা, বায়ুসেনা বাহিনী জঁপিয়াই পৰিছে উদ্ধাৰ অভিযানত৷ কাইলৈ মঙলবাৰৰ পৰাহে বৰষুণ কমাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ এই সময়ত কেৱল যে কেৰালাহে ক্ষতিগ্ৰস্ত হৈছে, এনে নহয়৷ বৰষুণ আৰু বান পৰিস্থিতিত
পশ্চিমবংগ, তেলেংগানা আদিতো বুধবাৰৰ পৰা প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ ভৰ বাৰিষাতো এনে পৰিস্থিতিৰ সূচনা নহ’ল যদিও শৰতৰ জলপ্ৰলয়ে মাতিলে কাল৷ নিউজ ডেস্ক ৰিপ’ৰ্ট, অসম লাইভ ২৪৷
Image Courtesy – Appu S Narayanan/AFP
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ