ইমানদিনে কঁঠাল (Jack fruit) বতৰৰ ফল আৰু কেন্সাৰ প্ৰতিৰোধক হিচাপে খাই আহিছিলো। গুটিবিলাক ডায়বেটিছ ৰোগীৰ বাবে ভাল বুলি জানিছিলো। কঁঠাল খালে বহুত গৰম উঠে, হয়তো সেই গৰমত আমাৰ শৰীৰৰ বীজাণু ধ্বংস হৈ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই বুলি মই বিশ্বাস কৰো। নতুনকৈ ক’ৰোনাৰ কাৰণেও কঁঠাল ভাল বুলি জানি ভাল লাগিল। ‘ছুপাৰ ফুড’ৰ তালিকাত স্থান পোৱাৰ পাছত হঠাৎ কঁঠালৰ গুৰুত্ব বাঢ়ি গ’ল। (এমাজনত কঁঠাল গুটিৰ দাম দেখি আচৰিত হ’লো!)
যি নহওক, আমি ঘৰত কঁঠালক কি কি ধৰণে খাওঁ, তাৰে অলপ ফটোসহ আগবঢ়ালো। কঁঠালৰ মুচিৰ চবজি সকলোৱে খায়। কঁঠাল গুটিও আমি সকলোৱে বিভিন্নধৰণে খাওঁৱেই।
এগৰাকী আইতাই কৈছিল, কঁঠাল গুটিবোৰ অলপ শুকানকৈ ভাজি ঢেঁকীত খুন্দি পিঠাগুৰি নিচিনাকৈ খাব পাৰি। আজি ভাবিছো, এইদৰে কৰিলে শিশুৰ লগতে বয়সীয়াল লোকৰ এটা ভাল পুষ্টিকৰ আহাৰেই হ’ব।
কিন্তু পকা কঁঠাল এটা খাবলৈ ল’লেই বিপদ। অলপ খাই বাকীখিনি পেলনি যায়। মই কঁঠালটো গুচাই যিমান পাৰি ফুটা হিচাপেই খাই গুটি আঁতৰাই বাকীখিনিক বিভিন্ন ৰূপ দিওঁ।
১) অলপ অ’ভেনত ফোট হিচাপেই মেলি দি শুকুৱাওঁ (আগতে আইতাই ৰ’দত শুকুৱাইছিল, এতিয়া ১০ মিনিটত অ’ভেনতে হৈ যায় )
২) ডিলটো গোটাকৈ অলপ অ’ভেনত শুকুৱাই পিচ্ পিচ্ কৰি আকৌ অলপ দেৰি শুকুৱাই অলপ সৰু কৰি চয়াবিনৰ দৰে তৰকাৰী বনাওঁ। একেবাৰে ব’নলেছ চিকেনৰ দৰে লাগে, লগত এটা ধুনীয়া ফ্লেভাৰ থাকে।
৩) গাখীৰৰ লগত মিক্সিত দি মিল্ক-চেকো হয় বা ডেৰ্জাটও হয়।
৪) মিক্সিত দি অলপ চুজি আৰু আটা মিলাই পিঠা বা পেন কেক বনাই খাওঁ। (এইবাৰ ভাবিছো কেক বনালেও ভাল হব! চেষ্টা এটা কৰি চাম।)
মালৱিকা শইকীয়া
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ