অসম লাইভ ২৪ঃ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিমানযাত্ৰী। গুজৰাটৰ চুৰাটৰ পৰা কলকাতা অভিমুখে ৰাওনা হোৱা indigoৰ এখন বিমানক কৰিব লগা হ’ল জৰুৰীকালীন অৱতৰণ। জানিব পৰা মতে, বিমানখনত হোৱা কিছু যান্ত্ৰিক বিজুতিৰ বাবে মধ্যপ্ৰদেশৰ ভূপালত কৰিব লগা হ’ল জৰুৰীকালীন অৱতৰণ। উল্লেখযোগ্য যে বিমানখনত ১৭২ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিছিল। সম্প্ৰতি আটাইকেইগৰাকী বিমান যাত্ৰীয়েই সুৰক্ষিত অৱস্থাত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ