অসম লাইভ২৪ঃ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত। ১২ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে মাৰ্ঘেৰিটাত। মাতৃৰ সৈতে বিহুৰ অনুষ্ঠান চাবলৈ গৈ আৰু উভতি নাহিল এগৰাকী ১২ বছৰীয়া কিশোৰী। নৰপিশাচৰ কামনাৰ বলি হৈ মৃত্যুক সাবটি ল’লে কিশোৰীগৰাকীয়ে।
আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড। ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল নাবালিকাগৰাকী। ২ মে’ৰ পুৱা প্ৰায় ৪ মান বজাত মাকে ছোৱালীজনীৰ টোপনি ধৰাত আনন তাঁতীৰ ঘৰত থৈ পাছত লৈ যাম বুলি ঘৰ অভিমুখে ৰাওনা হয়। মাকে যেতিয়া ছোৱালীজনীক সেই মানুহজনৰ ঘৰৰ পৰা আনিবলৈ যায় তেতিয়া সেই আনন তাঁতীয়ে কয় যে, পুৱা ৭টা মান বজাতেই ছোৱালীজনীয়ে মাতৃৰ কাষলৈ যাব খোজাত পঠিয়াই দিয়ে। কিন্তু এয়াই শেষ দিন আছিল কিশোৰীগৰাকীৰ বুলি মাকে হয়তো কল্পনাও কৰা নাছিল।
মাতৃগৰাকীয়ে ওচৰতে থকা নিজৰ আত্মীয় বুলি ভবা আনন তাঁতীৰ ঘৰত কিশোৰীগৰাকীক থৈ অহাই কাল হ’ল নাবালিকাগৰাকীৰ৷ পুৱা আত্মীয়ৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় কিশোৰীগৰাকী৷ পিছত পৰিয়ালৰ লোকে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ খবৰ মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত জনোৱাৰ পিছত আৰক্ষীৰ জেৰাত আনন তাঁতীৰ পত্নীয়ে স্বামীয়ে কৰা সমগ্ৰ ঘটনা আৰক্ষীৰ আগত অৱগত কৰে। আৰক্ষীৰ অনুসন্ধানত আনন তাঁতীৰ শৌচাগাৰৰ টেংকীৰ ভিতৰত উদ্ধাৰ হয় নাবালিকাগৰাকীৰ মৃতদেহ। কাপোৰেৰে টোপোলা কৰি সুমুৱাই ৰাখিছিল শৌচাগাৰৰ টেংকীত। এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিভিন্ন দল–সংগঠনৰ লগতে স্থানীয় লোকে অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী তুলিছে। বৰ্তমান অভিযুক্ত আনন তাঁতী পলাতক হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ