অসম লাইভ ২৪ঃ মিষ্টাৰ পাৰফেকছনিষ্ট আমিৰ খান। এই কথা সকলো ছবিপ্ৰেমীয়ে স্বীকাৰ কৰে। যি ছবিত যি চৰিত্ৰ ৰূপায়ন কৰিব সেইমতেই নিজকে তৈয়াৰ কৰি লয় আমিৰ খানে। আৰু সেইবাবেই বলীউডত তেওঁ মিষ্টাৰ পাৰফেকছনিষ্ট। অতি মাৰ্জিত আৰু এক সুন্দৰ ব্যক্তিত্বৰ অভিনেতা তেওঁ। সফলতাৰ ৰঙাদলিচাত তেওঁ খোজ দিছিল অভিনয়ৰ জৰিয়তে। কিন্তু এইজন মিষ্টাৰ পাৰফেকছনিষ্ট ব্যৰ্থ হয় সাংসাৰিক জীৱনত। তেওঁ ঘৰ এৰিছিল প্ৰেমিকাৰ বাবে। অথচ সেই ভালপোৱাক তেওঁ ধৰি ৰাখিব নোৱাৰিলে। এক সুখৰ সংসাৰ আৰম্ভ কৰিছিল প্ৰেমিকা ৰীনা দত্তৰ সৈতে। আমিৰ খানৰ ঠিক ঘৰৰ কাষৰ ঘৰখন আছিল ৰীনা দত্তৰ। শৈশৱৰ পৰাই একেলগে ডাঙৰ হৈছিল ৰীনা আৰু আমিৰ। যৌৱনত ভৰি থৈ দুয়ো প্ৰেমত উন্মাদ হৈছিল। পৰিয়ালৰ বিপক্ষে গৈ ঘৰৰ পৰা পলাই গৈ বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। মূলত ভিন্ন ধৰ্মৰ হোৱাৰ বাবেই পৰিয়ালৰ লোকে আপত্তি কৰিছিল তেওঁলোকৰ বিবাহত। অৱশ্যে বিয়াৰ পিছত দুয়ো পৰিয়ালৰ মাজত মিলা-মিচা হৈছিল। দুটি সন্তান জুনাইদ আৰু ইৰা জন্ম হৈছিল। আমিৰ খানেও কেৰিয়াৰত উন্নতি কৰিছিল পত্নীৰ ভালপোৱাৰ বাবে। ১৯৮৬ৰ ১৮ এপ্ৰিলত ৰীনাৰ আমিৰৰ সৈতে বিয়া হৈছিল। কিন্তু ২০০২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ৫০ কোটি টকাৰ বিনিময়ত বিবাহ বিচ্ছেদ হয়। সেই সময়ত বলীউডৰ অন্যতম দামী বিবাহ বিচ্ছেদ আছিল এইটো। কিন্তু কিয় বিবাহ বিচ্ছেদ হৈছিল দুয়োৰে। জনা গৈছিল অভিনেত্ৰী প্ৰীতি জিণ্টাৰ সৈতে আমিৰৰ সম্পৰ্কক লৈ মিডিয়াত ব্যাপক চৰ্চা হৈছিল। ৰীনা-আমিৰৰ সম্পৰ্কত জটিলতা আহিছিল যদিও দুয়োৱে আলোচনা কৰি সমাধান কৰিছিল। পৰৱৰ্তী সময়ত ‘লগন’ চিনেমাৰ শ্বুটিঙৰ সময়ত কিৰণ ৰাওৰ সৈতে আমিৰ খানৰ পৰিচয় হয়। কিৰণ ৰাও আছিল সেই ছবিৰ সহকাৰী পৰিচালক। কিৰণৰ সৈতে আমিৰৰ খুউব ভাল বন্ধুত্ব আছিল। তাৰ পাছতে বিভিন্ন বিষয়ক লৈ ৰীনাৰ সৈতে আমিৰৰ দাম্পত্যৰ সংঘাত বাঢ়ি যায়। কিৰণৰ সৈতে ঘনিষ্ঠতা পচন্দ নকৰে ৰীনাই। অৱশেষত ২০০২ চনত দুয়োজনেই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লয়। বিবাহ বিচ্ছেদৰ ২ বছৰৰ পাছত ২০০৫ চনত কিৰণ ৰাওক বিবাহ কৰায় আমিৰ খানে। কিন্তু প্ৰাক্তন পত্নী ৰীনাক আজিও আমিৰ খানে তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ স্থান দি আহিছে। কিৰণৰ সৈতে ৰীনাৰ সম্পৰ্কৰ সমীকৰণ আছিল একেদৰে পৃথক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ