অসম লাইভ ২৪ঃ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ আজি ওপজা দিন। ৩৯ বছৰ বয়সত ভৰি দিলে যুৱৰাজ সিঙে। কৃষক আন্দোলনলৈ সমর্থন জনাই এইবাৰ নিজৰ জন্মদিন উদযাপন নকৰাৰ সিদ্ধান্ত লৈছে যুৱৰাজ সিঙে। জন্মদিনৰ দিনা তেওঁ কৈছে যে শীঘ্ৰে কৃষকসকলৰ সকলো দাবী পূৰণ হ’ব লাগে। কৃষক আন্দোলনলৈ সমর্থন জনাই যুৱৰাজ সিঙে এক সুন্দৰ কথা লিখিছে— ‘জন্মদিন হ’ল আপোনাৰ ইচ্ছা পূৰণৰ এটা বিশেষ দিন। জন্মদিন উদযাপনৰ পৰিৱর্তে মই আশা কৰিছো কৃষক আৰু চৰকাৰৰ মাজৰ আলোচনা ফলপ্ৰসূ হওক।’ যুৱৰাজ সিঙে কৃষকসকলক দেশৰ লাইফলাইন বুলি বর্ণনা কৰিছে। কৃষকসকল আমাৰ দেশৰ লাইফলাইন। সকলো সমস্যাৰে সমাধান কৰিব পৰা যায়। প্ৰতিটো বিষয় সংলাপৰ মাধ্যমে সমাধান কৰা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ