জ্যোতিপ্ৰসাদ মজুমদাৰ
যোৱা খণ্ডত যোগশক্তিৰ দ্বাৰা ক’ৰোনাক জয় কৰা বিষয়ে লিখিছিলো । সম্ভৱতঃ আপোনালোক সকলোৱে ইয়াক অনুসৰণ কৰিছে । যিয়েই নহওক, বৰ্তমান সময়ত আমি ক’ৰোনাৰ প্ৰভাৱত যি দীঘলীয়া লকডাউনৰ সন্মুখীন হ’বলগীয়া হৈছে, তাৰ ফলত ঘৰতে আৱদ্ধ হৈ সকলোৰে শাৰীৰিক-মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে । ঘনে ঘনে ছেনিটাইজাৰ, মাস্ক ব্যৱহাৰ, অনিয়মীয়া জীৱন-যাপন প্ৰণালী ইত্যাদিৰ ফলত মানৱ শৰীৰত পার্শ্বক্ৰিয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে । সকলো মানুহেই ভৱিষ্যৎ জীৱনক লৈ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । ফলত কম-বেছি পৰিমাণে সকলোৱেই মানসিক চাপত(Stress) ভুগিছে । কিছুৱে আকৌ অফিচৰ কাম, ছাত্ৰ-ছাত্ৰীসকলে স্কুলৰ ক্লাছ আদি ঘৰৰ পৰাই কৰিব লগা হোৱা বাবে কম্পিউটাৰ, লেপটপ, ম’বাইলৰ লগত বহু সময় কটোৱাৰ ফলত স্পণ্ডিলাইটিছ, ডিঙিৰ বিষ, চকুৰ বিষ, মূৰৰ বিষ ইত্যাদিবোৰ বিসংগতিয়ে দেখা দিছে । ইয়াৰ প্ৰভাৱ মস্তিকতো পৰিছে। অনাগত দিনত এইসমূহৰ পার্শ্বক্ৰিয়াই জটিল ৰোগৰ যে সৃষ্টি নকৰিব তাক নুই কৰিব নোৱাৰো ।
বাহিৰৰ ৰ’দ-বতাহৰ পৰা আঁতৰত থাকি ভিটামিনৰ অভাৱত ছালৰ ৰোগে দেখা দিব। অত্যধিক ছেনিটাইজাৰ ব্যৱহাৰৰ ফলত আমাৰ শৰীৰৰ ভিতৰলৈ ইয়াৰ কিছু অংশ হ’লেও গৈছে, যাৰ ফলত অনাগত দিনত গ্ৰেষ্ট্ৰো, বৃক্কৰ অসুবিধা হোৱাৰ সম্ভাৱনা অতি স্বাভাৱিক ।
মাস্ক পৰিধান কৰি থকাৰ ফলত নিশাহত ওলাই যোৱা কাৰ্বন-ডাই-অস্কাইড পুনৰ উশাহত Inhale কৰা হৈছে । ই এটা প্ৰকৃতিৰ বিপৰীত ধৰ্মী কথা । আমাৰ নিশাহত ওলাই অহা দূষিত গেছ, বেক্টেৰিয়া বা বীজাণু মাস্কত লাগি পুনৰ উশাহত সেৱন কৰাৰ ফলত নতুন নতুন ৰোগ শৰীৰত প্ৰাদুর্ভাৱ হোৱাটো নিশ্চিত ।
সেয়ে বৰ্তমান পৰিস্থিতিত এই সকলোবোৰ মিলি যি শাৰীৰিক-মানসিক চাপত (Stress) ব্যক্তি ভুগিবলৈ আৰম্ভ কৰিছে, তাৰ পৰা ‘যোগ’ৰ দ্বাৰা কিদৰে পৰিত্ৰাণ পাব পাৰি, তাৰে এটা পর্যালোচনা আগবঢ়াইছো। ।
যোগৰ পৰিভাষাত যদি কোৱা যায়- ‘কোনো এটা কাম বা বিষয়ৰ প্ৰতি বাৰে বাৰে আসক্ত হৈ, বিষয়টোৰ ওপৰত আগ্ৰহ অথবা সম্পৰ্ক বাঢ়ি গৈ থাকে, তেতিয়াই উচ্ছাভিলাষ হৈ পোৱা অথবা নোপোৱাৰ দোমোজাত পৰি খঙৰ উদ্ৰেক হয়। ফলত মানসিক প্ৰৱঞ্চনা আৰু ভ্ৰমৰ সৃষ্টি হৈ পক্ৰিয়াটোৰ ওপৰত বিশৃংখল মনোভাব আহে আৰু তেতিয়াই মনে অবিবেচক ৰূপে কাৰ্য কৰিব ধৰে । উত্তৰত, বিচৰা পৰিস্থিতি কাৰ্যকৰী নহয় অথবা নাশ হোৱাৰ ফালে ধাৱমান হয় যাৰ বাবে মানসিক চাপৰ সৃষ্টি হ’বলৈ ধৰে।’
কিদৰে যোগ, প্ৰাণায়াম, ধ্যান আদিৰ নিয়মিত চৰ্চা কৰি এই সকলোবোৰ বিসংগতিপূৰ্ণ পৰিৱেশত তাল-মিল বজাই শৰীৰৰ লগতে মস্তিস্ককো সুস্থ ৰাখিবলৈ সক্ষম কৰি তোলে ইয়াক নিম্নক্তোভাৱে আলোচনা কৰিব পাৰি।
তলত দিয়া আসন-প্ৰাণায়ামবোৰ শৰীৰৰ ক্ষমতা অনুযায়ী দৈনিক ৪৫ মিনিটৰ পৰা ১ ঘণ্টাকৈ কোনো প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষকৰ ওচৰত অনুশীলন কৰিব ।
১) যোগাভ্যাস : প্ৰথমে ১৫ মিনিট মান হাত-ভৰি চালনাৰে সূক্ষ্ম ব্যায়াম কৰিব ।
২) আসন (থিয় হৈ) : তাড়াসন, বৃক্ষাসন, কাতি চক্ৰাসন, বিৰ-ভদ্ৰাসন, ত্ৰিকোণাসন ।
৩) আসন (বহি লৈ) : ভদ্ৰাসন, পদ্মাসন, বজ্ৰাসন, উষ্ট্ৰাসন, মুন্দুকাসন, শসংগাসন।
৪) আসন (পেট পেলাই শুই লৈ) : সলভাসন, ভুজংগাসন, ধনুৰাসন।
৫) আসন (পিঠি পেলাই শুই) : পৱনমুক্তাসন, নৌকাসন, সেতুবন্ধনাসন, সৰ্বাংগাসন, মৎস্যাসন, শৱাসন।
৬) আসন (মূৰ তল কৰি) : শীর্ষাসন, সৰ্বাংগাসন।
৭) প্ৰাণায়ম : নাড়ী-শোধন, ভ্ৰামাৰি, ওঁম-প্ৰাণায়ম,
৮) ক্ৰিয়া : জল-নেতি, সূত্ৰ-নেতি দিনত দুবাৰ (খালী পেটে কৰিব) ।
৯) পঞ্চকৰ্ম : ‘শিৰ-ধাৰা’ খুবেই প্ৰয়োজন ।
১০) ধ্যান : ২০ মিনিট সময় ধ্যান কৰিব। মানসিক স্থিতি বজাই ৰখাৰ বাবে ধ্যান খুবেই জৰুৰী।
১১) মিউজিক থেৰাপি : এই থেৰাপিয়ে মানসিক চাপ বহু পৰিমাণে লাঘৱ কৰে। দৈনিক গান শুনা, গান গোৱা অথবা বাদ্যযন্ত্ৰ বজোৱা অভ্যাস কৰিলে ভাল।
এই যৌগিক নিয়মসমূহ মানি চলিলে খুব সহজে মানসিক চাপ আৰু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব ।
(লেখক মজুমদাৰ, মুখ্য প্ৰশিক্ষক, ‘যোগশক্তি’, গুৱাহাটী, ফোন নং: ৯৪৩৫০৪৯৯৩৪)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ