অসম লাইভ২৪ঃ
ডিব্ৰুগড়লৈ অনা হৈছে পঞ্জাৱৰ খালিস্তানী সমৰ্থক নেতা অমৃতপাল সিঙৰ ৪ সহায়কক।
নিৰাপত্তাজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে খালিস্তানী উগ্ৰপন্থী কেইটাক।
দেওবাৰে পুৱা বায়ু সেনাৰ বিশেষ বিমানেৰে খালিস্তানী সমৰ্থকক কটকটীয়া নিৰাপত্তাৰ মাজেৰে ডিব্ৰুগড়লৈ অনা হয়।
আজনলা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যখনত ৱাৰিছ পঞ্জাব দেৰ বিৰুদ্ধে চলাইছিল তালাচী অভিযান।
এই অভিযানৰ সময়তে পলায়ন কৰে খালিস্তানী সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙে।
অন্যহাতে অমৃতপাল সিঙৰ ৭৮ জন সমৰ্থকক এই অভিযানকালত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৯টাকৈ অস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে অমৃতপাল সিঙক আত্মসমৰ্পণৰ বাবে ইতিমধ্যে সকিয়নী প্ৰদান কৰিছে।
খালিস্তান বিৰোধী অভিযানৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে ইতিমধ্যে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ