নিউজ ডেস্ক, অসম লাইভ ২৪ঃ বিহাৰৰ ক’ৰোনা পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। পৰিস্থিতি যে অধিক বেয়ালৈ গৈছে তাৰ এক আভাস পোৱা গৈছে মঙলবাৰে চৰকাৰৰ এক সিদ্ধান্তত। উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে ঘোষণা কৰিছে আগন্তুক ১৬-৩১ জুলাইপৰ্যন্ত বিহাৰত পুনৰ লকডাউন হ’ব। ইয়াৰ মাজতে এক খবৰে হৈ-চৈৰ সৃষ্টি কৰিছে বিহাৰত। বিহাৰত ক’ৰোনা ৰোগীৰ মৃতদেহ পেলাই দিয়া হৈছে পৱিত্ৰ গংগা নদীত। ছ’চিয়েল মিডিয়াত এই ঘটনাৰ বহু ছবি ভাইৰেল হৈছে। সেই ছবিৰ মতে পাটনাৰ গংগা নদীত পেলাই দিয়া হৈছে একাধিক ক’ৰোনা ৰোগীৰ মৃতদেহ। ছবিৰ মতে নীলা ৰঙৰ প্লাষ্টিকেৰে মেৰিয়াই গংগাত পেলাই দিয়া হৈছে মৃতদেহবোৰ। ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি গোপন কৰি ৰাখিবৰ বাবে এইদৰে মৃতদেহ গংগাত পেলাই দিয়া হৈছে বুলি বিৰোধীয়ে দাবী কৰিছে। বিহাৰ চৰকাৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ