অসম লাইভ ২৪ঃ এই ক’ৰোনা কালত সন্দেহৰ আৱর্তত বজাৰৰ পৰা ক্ৰয় কৰা সকলো সামগ্ৰী। গাখীৰৰ পেকেটটো হাতত লৈ আপুনিও নিশ্চয় ভাবে ইয়াত থাকিব পাৰে নেকি ক’ভিড-১৯ ভাইৰাছ। শাক-পাচলকে ধৰি যিবোৰ সামগ্ৰী বজাৰৰ পৰা ক্ৰয় কৰি আনি ধুই ল’ব পাৰি, সেইবোৰ নিশ্চয় আপোনালোকে ধুই-পখালি কিছু পৰিমাণে শংকামুক্ত হয়। পিছে মর্ত্যৰ অমৃত গাখীৰৰ পেকেটক লৈ আপুনি কেনেদৰে শংকামুক্ত হয়। গাখীৰৰ পেকেটেও কঢ়িয়াই আনিব পাৰে ভয়ানক ক’ভিড-১৯ ভাইৰাছ। সেই শংকা নথকা নহয়। যিহেতু অধিকাংশ লোকে দৈনিক গাখীৰ ক্ৰয় কৰে। এনেক্ষেত্ৰত গাখীৰৰ পেকেটৰ জৰিয়তে ক’ৰোনা সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি নোহোৱা নহয়। এইক্ষেত্ৰত ভাৰতীয় খাদ্য সুৰক্ষা আৰু গুণমান প্ৰাধিকৰণে গাখীৰৰ পেকেটৰ পৰা ঘটিব পৰা সংক্ৰমণ প্ৰতিৰোধৰ বাবে কিছুমান উপায় আগবঢ়াইছিল। গাখীৰ লৈ থকাৰ সময়ত ক’ৰোনা প্ৰতিৰোধৰ সাধাৰণ বিধি ব্যৱস্থা মানি চলক। গাখীৰৰ পেকেট ক্ৰয় কৰি অনাৰ পাছত ভালদৰে হাত ধুই ল’ব। গাখীৰৰ পেকেটটো পানী ঢালি ধুই লওক। গাখীৰৰ পেকেট ছেনিটাইজ কৰাৰ প্ৰয়োজন নাই। গাখীৰৰ পেকেট খোলাৰ আগত হাত আৰু বাচন পৰিষ্কাৰকৈ ধুব। বিক্ৰেতাইও মাস্ক, গ্লোভছ পিন্ধা উচিত। এই ব্যৱস্থাসমূহ মানি চলিলে গাখীৰৰ পেকেটৰ পৰা ক’ৰোনা সংক্ৰমণৰ সম্ভাৱনা নাই বুলি দাবী কৰিছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু গুণমান প্ৰাধিকৰণে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ