অসম লাইভ২৪ঃ কথাবোৰ মনলৈ আহিলেই আতংকত শিঁয়ৰি উঠে। প্ৰায় ২মাহ ধৰি চকু বন্ধ কৰিলেই শংকাই কঁপাই যায় মণিপুৰৰ তৰুণীগৰাকীক। মণিপুৰৰ হিংসাৰ সময়ত নিৰ্যাতনৰ বলী হোৱা এগৰাকী যুৱতীয়ে দিয়া সাক্ষাৎকাৰক লৈ সমগ্ৰতে চলিছে চৰ্চা। মণিপুৰৰ এই হিংসাত একাধিক মহিলাক নিৰ্যাতন কৰা হৈছে বুলিও জনাইছে সেই তৰুণীগৰাকীয়ে। নিৰ্যাতনৰ বলি হোৱা ১৯বছৰীয়া তৰুণীগৰাকী আজিও ট্ৰমাতেই আছে। তৰুণীগৰাকীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত কয়, ‘মই সেইদিনাৰ ঘটনাক পাহৰিব বিচাৰিছো। কিন্তু চকু বন্ধ কৰিলেই সেই ভয়ংকৰ অত্যাচাৰৰ ঘটনা চকুত ভাহি আহে। হিংসাত্মক কাণ্ডৰ বাবে অন্যৰ দৰে আমিও ইম্ফললৈ পলাই যোৱাৰ চেষ্টা কৰোতেই এই ঘটনা মোৰ সৈতে ঘটিছে।’
তৰুণীগৰাকীয়ে কয়, আমি পলাই গৈ ইম্ফলৰ এটা এটিএমত সোমাইছিলো। সেই এটিএমৰ পৰাই তেওঁলোকে মোক অপহৰণ কৰি নিয়ে। এটা দল আহিছিল। তেওঁলোকে অপহৰণ কৰি মোক পাহাৰীয়া এলেকালৈ লৈ গৈছিল। তাতেই মোক নিৰ্যাতন কৰে। কেৱল নিৰ্যাতনতেই শান্ত নাথাকি বন্দুকৰ নলীৰে কোবাই। খোৱা পানী এটুপাও মোক দিয়া হোৱা নাছিল। তাৰপিছত তেওঁলোকে মোক ১৫ মে ত এটা বিচ্ছিন্নতাবাদী সংগঠনৰ হাতত তুলি দিয়ে। ৪জন লোকে মোক তুলি লৈ গৈছিল। গাড়ীৰ ভিতৰতো মোৰ ওপৰত নিৰ্যাতন চলিছিল। শাৰীৰিক অত্যাচাৰৰ ওপৰিও মানসিক অত্যাচাৰ সীমাহীন। কেইবাদিনো ধৰি একো এটা খাবলৈকো দিয়া হোৱা নাছিল। তাৰপিছতেই মই শৌচালয় যাম বুলি কোৱাত মোক বান্ধি থোৱাৰ পৰা খুলি দিলে। তেতিয়াই মই জীৱনটো মুঠিতে লৈ লৰ ধৰিলো। কিমান দূৰ দৌৰিছো মই কৈ বুজাব নোৱাৰিম। পাহাৰীয়া ৰাস্তাৰে মই দৌৰি দৌৰি তললৈ নামি আহিয়েই এজন অটোৱালাক লগ পালো। সেই অটোৱালাই মোৰ বাবে ভগৱান। তেওঁ মোৰ জীৱনটো বচালে। চব্জি লৈ অহা অটোচালকে মোক পাচলিৰ মাজত লুকাই বহিবলৈ কয়। কোনোমতে পাচলিৰ মাজত সোমাই মই কাংপকপি এলেকাত উপস্থিত হওঁ।’
কাংপকপিত উপস্থিত হোৱাৰ পাছতেই নাগালেণ্ডৰ কহিমাৰ এখন হাস্পতালত ভৰ্তী কৰোৱা হয় তৰুণীগৰাকীক। তৰুণীগৰাকীৰ শাৰীৰিক অৱস্থা খুব বেয়া হোৱাৰ বাবে তেওঁক বহুদিন চিকিৎসালয়তেই ৰখা হয় বুলিও জনাইছে। শৰীৰ কিছু সুস্থ হোৱাৰ মণিপুৰ আৰক্ষীৰ ওচৰত তেওঁ অভিযোগ দাখিল কৰে। সূত্ৰৰ খবৰ অনুসৰি আৰক্ষীয়ে যুৱতীগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে। আৰক্ষীয়ে বিশেষ এটিএমৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰিছে। কিন্তু ঘটনাৰ কোনো প্ৰমাণ এতিয়ালৈকে লাভ কৰা নাই আৰক্ষীয়ে। বৰ্তমানলৈ আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত অব্যাহত ৰখা বুলিও জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ