অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা অর্থনৈতিক মন্দাৱস্থা আৰু দেশত চলি থকা কৃষক আন্দোলনৰ পাছতো জনপ্ৰিয়তাৰ শীর্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই কথা আমাৰ নহয়, ABP নিউজৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। দেশৰ ৫৮ শতাংশ লোকে এতিয়াও দেশত বিচাৰে NDAৰ চৰকাৰ। আনহাতে ২৮ শতাংশ লোকে বিচাৰে UPA চৰকাৰ। কেৱল সেয়াই নহয়, নিউজ চেনেলটোৰ সমীক্ষাত প্ৰকাশ পাইছে দেশৰ ৫ জন অদক্ষ মুখ্যমন্ত্ৰীৰ নাম। যাৰ শীর্ষত আছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ নাম। একেদৰে ১০ জন দক্ষ মুখ্যমন্ত্ৰীৰ নামৰ শীর্ষত আছে ক্ৰমে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, দিল্লীৰ মুখ্যমন্ত্ৰী অৰিবন্দ কেজৰিৱাল আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডি। অৱশ্যে এই দুয়োখন তালিকাতে ঠাই নাপালে অসমৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে। একেদৰে কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ মাজত চলা সমীক্ষাত ৰাহুলতকৈ অধিক ভোট পালে প্ৰিয়ংকা গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ