অসম লাইভ২৪ঃ শিলসাঁকো বিলৰ উচ্ছেদিত এলেকাৰ আবন্টিত ভূমিত থকা ১৭টাকৈ প্ৰতিষ্ঠান, সংগঠনৰ কাৰ্যালয়ৰ হ’ব উচ্ছেদ৷ উচ্ছেদিত এলেকাটোৰ মুঠ ১৭৯বিঘা ১৭ লেচা মাটি অসম চৰকাৰে অধিগ্ৰহণ কৰিব। এই ১৭ টা প্ৰতিষ্ঠানৰ ভিতৰত জিঞ্জাৰ হোটেলৰো ভূমি অধিগ্ৰহণ কৰা হ’ব। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মন্ত্ৰী মন্ত্ৰী অশোক সিংঘালে।
চৰকাৰে অধিগ্ৰহণ কৰা ভূমিত থকা সাহিত্য সভা, টেনিচ সংস্থা, সমবায় কাৰ্যালয়ৰ লগতে তিতাবৰ ভৱন, কোচ ৰাজবংশী সন্মিলনী, OKD প্ৰতিষ্ঠান, সদৌ অসম মৈত্ৰী কোঃঅডিচনেচনেল পৰিষদৰ কাৰ্যালয়, হাইস্কুল, চাহ শ্ৰমিক কল্যাণ পৰিষদ, জুনিয়ৰ কলেজ NITT, মাধ্যমিক শিক্ষক সংস্থা, সচিবালয়ৰ বিষয়াৰ আৱাস টেপুৰাম টেৰণ হাইস্কুল, টি ডি চেণ্টাৰ, পশু চিকিৎসালয়ৰ উচ্ছেদ কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘালে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ