অসম লাইভ২৪ঃ ৰিয়েল লাইফৰ নহয় যেন ৰিল লাইফৰহে মহানায়কৰ আগমন ঘটিল মঙ্গলবাৰে নিশা ঢকুৱাখনালৈ। হঠাৎ কেতিয়াও নোহোৱা এটা দৃশ্য প্ৰত্যক্ষ কৰা হ’ল ঢকুৱাখনা সদৰ থানাত। শ শ পুৰুষ, মহিলা, শিশু দৌৰিছে ঢকুৱাখনা থানালৈ। কোনোবাই কোলাত কেঁচুৱা লৈও নিশাখন লৰি-ঢাপৰি আহিল ঢকুৱাখনা থানালৈ, কাৰ বাবে? কোন আহিছে? চুপাৰ ক্ৰৰ্প SP আনন্দ মিশ্ৰ আহিছে। এজন চেলিব্ৰেটীক চাবলৈ আজিলৈকে ঢকুৱাখনাত ইমান ভিৰ হোৱা নাছিল যিমান ভিৰ SP আনন্দ মিশ্ৰক চাবলৈ হৈছে। তেওঁৰ এষাৰ মাত শুনিবলৈ সকলোৰে হেঁপাহ।
হেঁপাহৰ আৰক্ষী বিষয়া গৰাকীক কাষত পাই উৎসাহী ৰাইজে কৰা প্ৰচণ্ড ঠেলা হেঁচাত থানাৰ খিৰিকীৰ গ্লাছ পৰ্যন্ত ভাগি এগৰাকী ব্যক্তিৰ হাত কাটি থানাৰ মজিয়া ৰক্তাক্ত হোৱাও পৰিলক্ষিত হ’ল। নকল সোণ আৰু জাল নোট সন্দৰ্ভতো সংবাদমাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰক্ষী বিষয়াজনে। উল্লেখযোগ্য যে যোৱা ১২ তাৰিখে দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰত মৃত্যু হোৱা ঢকুৱাখনাৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী অৰুণ বৰুৱাৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ বিৱৰণ লৈ নিহত অৰুণ বৰুৱাৰ পৰিয়ালকো লগ কৰে আৰক্ষী বিষয়াজনে।
আৰক্ষী অধীক্ষক মিশ্ৰক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাৰ পাছতে অধীক্ষক গৰাকী ঘটনাস্থলী পৰিদর্শন কৰি স্থানীয় প্ৰত্যক্ষদর্শীৰ জৰিয়তে ৰাস্তাত শোৱাই কিদৰে মুমূৰ্ষু অৰুণ বৰুৱা পথৰ ওপৰত পৰি আছিল তাৰ নাটকীয় ৰূপান্তৰ প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে গাড়ী থকাৰ পিছতো প্ৰায় ৩কিলোমিটাৰ খোজকাঢ়ি অধীক্ষক গৰাকী মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয়লৈ খোজকাঢ়ি যায় গৈ বিশেষ সভাত মিলিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ