অসম লাইভ ২৪ঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনে সকলো জনগণৰ অর্থনৈতিক কঁকাল ভাঙি পেলালে। ক্ষতিগ্ৰস্ত জনগণক চৰকাৰে ক্ষতিপূৰণ দিয়ক। ক্ষতিপূৰণৰ দাবী কৰাৰ সকলো জনগণৰ অধিকাৰ আছে, সকলোৱে ক্ষতিপূৰণ দাবী কৰা উচিত। অন্যান্য সৰু-সুৰা কথাৰ ভিতৰত লকডাউনৰ ক্ষতিৰ প্ৰশ্নটো লুকুৱাব খোজা হৈছে। মই সমগ্ৰ অসমবাসীক আহ্বান জনাওঁ, আন সকলো কথাতকৈ লকডাউনৰ ক্ষতিপূৰণৰ দাবীটোক গুৰুত্ব দিয়ক। নিজক বচাবলৈ, ৰাইজক বচাবলৈ, জাতিক বচাবলৈ, দেশৰ অর্থনীতিক ৰক্ষা কৰিবলৈ লকডাউনৰ ক্ষতিপূৰণ আমি দাবী কৰিবই লাগিব। চৰকাৰে লকডাউন ঘোষণা কৰিছিল, সেই লকডাউন আছিল অপৰিকল্পিত, সেই লকডাউনে ক’ৰোনা ভাইৰাছৰ পৰাও দেশক নবচালে, কিন্তু সেই লকডাউনে আমাৰ অর্থনীতি ভাঙি পেলালে। গতিকে চৰকাৰৰ নিজৰ এই অদূৰদর্শী কামৰ ক্ষতিপূৰণ দিবই লাগিব। চৰকাৰে জনতাক লকডাউনৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰক। চৰকাৰে জনতাক আভুৱা ভাঁৰি নির্বাচনত ভোট ল’বলৈ কৰা খুচুৰা-খুচুৰি আঁচনিবোৰ বন্ধ কৰক। এই খুচুৰা আঁচনিবোৰেৰে জনতাক অপমানিত কৰা হৈছে, ৰাইজক বিপথে পৰিচালিত কৰা হৈছে। এই নাটক বন্ধ কৰক। অসমবাসী প্ৰতিটো পৰিয়ালক অহা ছমাহলৈ মাহে কমেও ১০,০০০ টকাকৈ ক্ষতিপূৰণ দিয়ক। সকলো কোম্পানী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কর্মচাৰীৰ লকডাউনৰ সময়ৰ দৰমহা আৰু সকলোৰে চাকৰি ঘূৰাই দিয়ক, তাৰ বাবে চৰকাৰে প্ৰতিষ্ঠানসমূহক বিত্তীয় সাহায্য দিয়ক। সকলো ব্যৱসায়ী, বৃত্তিজীৱী, MSMEৰ কৰ ৰেহাই দিয়ক আৰু ঋণৰ কিস্তি ৰেহাই দিয়ক, আৰু শূন্য সুদত নতুন ঋণ দিয়ক। সকলো কৃষি ঋণ আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক। অসমৰ সকলো চৰকাৰী-বেচৰকাৰী বিভাগ, প্ৰতিষ্ঠান, কোম্পানীত ১০০% থলুৱা নিবনুৱাৰ নিযুক্তিৰ ব্যৱস্থা কৰক। অন্য সকলো কাম, সকলো আন্দোলন স্থগিত ৰাখি লকডাউনৰ ক্ষতিপূৰণৰ দাবীটো শক্তিশালী কৰক। নহ’লে ৰাইজ নাবাচে, জাতি ভাগি পৰিব, দেশ ডুবিব।
(চিকিৎসাৰ বাবে GMCHলৈ অহাৰ সময়ত সাংবাদিকৰ হাতত এই লেখা তুলি দিলে অখিল গগৈয়ে)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ