অসম লাইভ ২৪ঃ ২৬ মে’, ২০১৪ – ভাৰতৰ বাবে এক নতুন দিগন্তৰ সূচনা হৈছিল। ইয়াৰ পূৰ্বৰ ১৫ টা বছৰত শাসনত থকা কংগ্ৰেছ চৰকাৰৰ ওপৰত অসন্তুষ্ট ৰাইজে এইবাৰ ভাৰতত পৰিৱৰ্তন বিচাৰিছিল। ইয়াৰ মাজতে বিজেপিৰ আকৰ্ষণীয় শ্লগান- অচ্ছ্যে দিন আনে ৱালে হ্যে। সাধাৰণ ভোটাৰেও উন্নয়নৰ স্বাৰ্থত আশা আৰু বিশ্বাসেৰে মোডী চৰকাৰক ভোট দিলে। কিন্তু নৰেন্দ্ৰ মোডীৰ ৯ বছৰীয়া শাসনত কিমান কি পালে দেশৰ জনতাই? স্বাস্থ্য , শিক্ষা আৰু অৰ্থনীতিৰ ক্ষেত্ৰত দেশৰ কিমান পৰিৱৰ্তন হ’ল? সঁচাকৈ দেশত অচ্চে দিন আহিলনে?এই সকলো প্ৰশ্নই জনতাৰ মনৰ প্ৰশ্ন নিবনুৱাক সংস্থাপন, মূল্যবৃদ্ধি ৰোধ, অৰ্থনৈতিক উন্নয়ন, দুৰ্নীতি ৰোধ কৰাৰ সংকল্পৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ এই ৯ বছৰীয়া কাৰ্যকালত
দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । ২০১৪ চনত দেশত নিবনুৱাৰ শতকৰা হাৰ আছিল ৩.৪০%। ইয়াৰ বিপৰীতে ২০২৩ চনত দেশত নিবনুৱাৰ শতকৰা হাৰ হ’লগৈ প্ৰায় ৮.১০%।
বিভিন্ন খাদ্য সামগ্ৰী, পেট্ৰল-ডিজেল, ছিলিণ্ডাৰ আদি সকলোতে মূল্যবৃদ্ধিৰ মাধমাৰ। ৯ বছৰত সকলো সামগ্ৰীৰে হ’ল মূল্যবৃদ্ধি। ইয়াৰ ভিতৰত আটা, চাউল, গাখীৰৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল সকলোকে দাম বৃদ্ধি হ’ল।
যিকোনো এখন দেশৰ উন্নতিৰ বাবে শিক্ষা এটা গুৰুত্বপূণ অংগ। বিগত ৯ বছৰত মোডী চৰকাৰে শিক্ষাৰ শিতানত প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় কৰিছে। ইয়াৰ পিছতো দেশত বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে। ২০১৪ চনত দেশত বিদ্যালয়ৰ সংখ্যা আছিল ১৫.১৮ লাখ খন আৰু ২০২৩ বৰ্ষত বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাই হ’লগৈ ১৪.৮৯ লাখ খন।
কিন্তু এইখিনিতে উল্লেখনীয় যে, স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত ভাৰত কিছু দুৰ্বল হলেও কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰতে অগ্ৰগতি লাভ কৰিছে। পূৰ্বৰ ৭২৩ খন বিশ্ববিদ্যালয়ৰ পৰিৱৰ্তে বৰ্তমান দেশত বিশ্ববিদ্যালয়ৰ সংখ্যা ১,১১৩ খন। অৰ্থনৈতিক উন্নয়নৰ প্ৰসংগতো দেশৰ অৱস্থা ইমান সন্তোষজনক নহয়। দেশত বৃদ্ধি পাইছে বৈদেশিক ঋণৰ পৰিমাণ। ২০১৪চনত বৈদেশিক ঋণৰ পৰিমাণ ৪০৯.৪ ডলাৰ হোৱাৰ পিছত বিগত ৯ বছৰত অৰ্থাত্ ২০২৩ চনত বৈদেশিক ঋণৰ পৰিমাণ আছিল ৬১৩.১ ডলাৰ। এইখিনিতে উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোডীয়ে শাসনভাৰ লোৱাৰ পিছতে কিন্তু দেশৰ GDP পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। তথ্য অনুসাৰে ২০১৪চনত দেশৰ GDPআছিল প্ৰায় ১১২ লাখ কোটি টকা আৰু ২023 বৰ্ষত দেশৰ GDP বৃদ্ধি হলগৈ প্ৰায় ২৭২ লাখ কোটি টকা। আৰু নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বৰ বলতেই আজি বিশ্ব অৰ্থনৈতিক ক্ষেত্ৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত। ইয়াৰ উপৰিও সাধাৰণ জনতাৰ বাৰ্ষিক আয় পূৰ্বৰ আয়তকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ২০১৪ চনত সাধাৰণ জনতাৰ বাৰ্ষিক আয় ৭৯,১১৮টকাৰ বিপৰীতে ২০২৩ চনত সাধাৰণ জনতাৰ বাৰ্ষিক আয় হ’লগৈ ১,৭০,৬২০ টকা। অৰ্থাত বিগত ৯ বছৰত সাধাৰণ মানুহৰ বাৰ্ষিক আয় গড়ে ৯১,৫০২ টকা বৃদ্ধি পাইছে। ইয়াৰ মাজতে দেশত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰো বৃদ্ধি পাইছে। যিটো দেশৰ অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক শুভ লক্ষণ।
এতিয়া আপুনি বিচাৰ কৰক যে, সঁচাকৈয়ে মোডী চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিলেনে? নৰেন্দ্ৰ মোডীৰ দিনত অচ্ছে দিন আহিল নে নাই? মোডী চৰকাৰৰ এই ৯ বছৰীয়া কাৰ্যকালক লৈ আপুনি কিমান সন্তুষ্ট। কমেণ্টত জনাওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ