অসম লাইভ২৪ঃ মে মাহৰ শেষৰটো দিনতেই আকৌ আহিছে এটা বেয়া খবৰ৷ জুন মাহৰ প্ৰথম দিনটোৰ পৰাই বাঢ়িব একাধিক সামগ্ৰীৰ দাম৷ জনতাৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পৰিব কালিৰে পৰা৷ কি কি সামগ্ৰীৰ দাম বাঢ়িব জুন মাহত?
দাম বাঢ়িব দুচকীয়া বাহনৰ
যদি জুন মাহত আপুনি ইলেক্ট্ৰিক বাহন কিনাৰ কথা ভাৱিছে তেন্তে এই খবৰ জানি লওক৷ ২১ মে’ ত এক বিজ্ঞাপ্তিযোগে উদ্যোগ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে FAME-II ৰাজসাহায্যৰ পৰিমাণ সংশোধন কৰা হৈছে৷ পূৰ্বে এই পৰিমান আছিল প্ৰতি কিলোৱাটত ১৫০০০ টকা৷ তাৰপাছতেই এই পৰিমান কমাই কৰা হৈছিল ১০,০০০টকা৷ যাৰফলত বেছিভাগ বৈদ্যুতিক বাহনৰ দাম প্ৰায় ১৫,০০০ৰ পৰা ৩০,০০০ পৰ্যন্ত বাঢ়িব পাৰে৷
গেছ চিলিণ্ডাৰৰ দাম বাঢ়িব!
এলপিজি চিলিণ্ডাৰৰ দাম প্ৰতিমাহেই সালসলনি হয়৷ ইয়াৰোপৰি কেতিয়াবা এমাহতেই দুই তিনিবাৰলৈকেও দামৰ সালসলনি হয়৷ কিন্তু সাধাৰণভাৱে প্ৰতিমাহৰ আৰম্ভণিতেই ঘৰুৱা আৰু বাণিজ্যিত গেছ চিলিণ্ডাৰৰ দামৰ এখন লিষ্ট দিয়া হয়৷ এপ্ৰিল আৰু মে মাহত ১৯ কিঃগ্ৰাঃ বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিছিল৷ ১৪ মাৰ্চৰ পৰা ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিবৰ্তন হোৱা নাই৷ ২০২৩ ৰ মাৰ্চত ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল৷ বৰ্তমান দেশৰ অধিকাংশ চহৰতেই গেছ চিলিণ্ডাৰৰ দাম হৈছে প্ৰায় ১১০০ টকা৷ অৱশ্যে এইবাৰ চিলিণ্ডাৰৰ দাম কমিবনে বাঢ়িব সেই কথা স্পষ্ট হোৱা নাই৷
চিএনজি-পিএনজিৰ দামৰ পৰিবৰ্তন হ’ব নেকি?
প্ৰতিমাহৰ ১ তাৰিখে অথৱা মাহৰ আৰম্ভণিতেই চিএনজি আৰু পিএনজিৰ দামৰ পৰিবৰ্তন হয়৷ পেট্ৰলিয়াম সংস্থাসমূহে সাধাৰণতে দিল্লী আৰু মুম্বাইতেই পিএনজি আৰু চিএনজিৰ দামৰ পৰিবৰ্তন কৰে৷ ইয়াৰ পূৰ্বে এপ্ৰিলত পিএনজি-চিএনজিৰ দাম কমিছিল৷ মে মাহত দামৰ কোনো পৰিবৰ্তন নহ’ল৷ জুন মাহত চিএনজি, পি এন জিৰ দামৰ পৰিবৰ্তন হ’ব পাৰে বুলি বহুতেই সন্দেহ প্ৰকাশ কৰিছে৷ যদি চিএনজিৰ দাম বাঢ়ে তেন্তে অটো ভাড়া বৃদ্ধিৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ