অসম লাইভ ২৪ঃ পত্নীৰ সৈতে কাজিয়া কৰি ৪৫০ কিলোমিটাৰ পদযাত্ৰা কৰিলে স্বামীয়ে।ইটালীত সংঘটিত হ’ল এই ঘটনা। লকডাউনৰ সময়ত সন্দেহৰ বশৱর্তী হৈ কাজিয়াত লিপ্ত হৈছিল পতি-পত্নী। তাৰপাছত পতি ওলাই গ’ল ঘৰৰ পৰা। সেই গ’ল যে গ’লেই। মানুহজনে গমেই নাপালে যে খোজকাঢ়ি গৈ থাকোতে ৪৫০ কিলোমিটাৰ তেওঁ অতিক্ৰম কৰিলে। ইতিমধ্যে ইটালীৰ ছ’চিয়েল মিডিয়াত তেওঁক ‘ফৰেষ্ট গাম্প’ নামাংকিত কৰিলে। ‘ফৰেষ্ট গাম্প’ ১৯৯৪ চনৰ এখন চিনেমাৰ নায়কৰ চৰিত্ৰ আছিল। চিনেমাৰ নায়কে আমেৰিকাত হাজাৰ কিলোমিটাৰ দৌৰিছিল। ৪৫০ কিলোমিটাৰ খোজকঢ়া ইটালীৰ এই ৪৮ বছৰীয়া ব্যক্তিগৰাকীক আৰক্ষীয়ে ৪৮৫ আমেৰিকান ডলাৰৰ জৰিমনা বিহে। কাৰণ তেওঁ লকডাউন উলংঘা কৰি এসপ্তাহ খোজকাঢ়ি গৈছিল। আৰক্ষীয়ে সোধা-পোচা কৰাত তেওঁ কৈছিল— ‘মই সদায় ৬০ কিলোমিটাৰ অতিক্ৰম কৰিছিলো, আৰু নিজকে সান্তনা দিছিলো, মই ঠিকে আছো আৰু অলপ দূৰ আছে’।’ আৰক্ষীয়ে তেওঁক ৰাতি দুই বজাত ৰাষ্ট্ৰীয় ঘাইপথত জাৰত কঁপি কঁপি শুই থকা অৱস্থাত উদ্ধাৰ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ