অসম লাইভ ২৪ঃ বন্ধ হ’ল ফে’চবুক। ৭ ফেব্ৰুৱাৰীলৈকে ফে’চবুকৰ ওপৰত লগোৱা হ’ল নিষেধাজ্ঞা। দেশত চলি থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবেই হাতত ল’লে এই ব্যৱস্থা। ফে’চবুকৰ জৰিয়তে একাংশই ব্যক্ত কৰিছিল ক্ষোভ। বিৰোধিতা কৰিছিল শাসকৰ। তাৰ পিছতেই শাসকে ল’লে এই পদক্ষেপ। এই ঘটনা সংঘটিত হৈছে ম্যানমাৰত। ম্যানমাৰৰ গণতান্ত্ৰিক চৰকাৰৰ পৰা দেশখনৰ সেনাবাহিনীয়ে শাসনভাৰ লোৱাৰ পিছৰ পৰা অনেক লোকে ফে’চবুকৰ জৰিয়তে গণ জাগৰণ সৃষ্টি কৰিবলৈ যত্ন কৰিছিল। যাৰ বাবে ৭ ফেব্ৰুৱাৰীলৈকে ম্যানমাৰত বন্ধ কৰি দিলে ফে’চবুক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ