অসম লাইভ২৪ঃ মুকালমুৱাত বিবাহৰ দুদিন পূৰ্বে কইনাই লাভ কৰিলে চৰকাৰী চাকৰি। আজি ঘোষণা কৰা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফলৰ পাছতেই মুকালমুৱাতো দেখা গৈছে উছাহৰ ঢল। মুকালমুৱাৰ সুতাৰকুছিৰ অনুপমা তালুকদাৰে আজি ঘোষণা হোৱা চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলাফলত উত্তীৰ্ণ হৈছে।
অনুপমা তালুকদাৰ, সুতাৰকুছী গাঁওৰ অতি দৰিদ্ৰ দিনেশ তালুকদাৰৰ কন্যা। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতেই, নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হোৱা বুলি কয় অনুপমা তালুকদাৰে।
উল্লেখযোগ্য যে, আগন্তুক দেওবাৰে অনুপমা তালুকদাৰৰ বিবাহ। বিবাহৰ পূৰ্বে চাকৰি লাভ কৰাৰ খবৰে আনন্দিত কৰি তুলিছে পৰিয়ালটোক। এটকাও উৎকোচ নিদিয়াকৈ চতুৰ্থ বৰ্গত চাকৰি লাভ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে অনুপমা তালুকদাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ