অসম লাইভ ২৪ঃ সংক্ৰমণ কমা নাই ক’ভিদ ১৯ৰ। নতুন নতুন লক্ষণেৰে সংক্ৰমিত হৈছে মহামাৰী। ব্ৰিটেইনত ক’ৰোনা ভাইৰাছে লৈছে নতুন ৰূপ। ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ লকডাউনৰ সিদ্ধান্ত লৈছে লণ্ডন প্ৰশাসনে। বুধবাৰৰ পৰা লণ্ডন আৰু পার্শ্বৱর্তী এলেকাত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে প্ৰশাসনে। লণ্ডনৰ ১০০০ লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ নতুন লক্ষণ ধৰা পৰিছে। নতুন ৰূপ লোৱা ক’ৰোনা ভাইৰাছ পূর্বতকৈয়ো অধিক দ্ৰুত গতিত সংক্ৰমিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ