তিনিচুকীয়া ব্যুৰ’, অসম লাইভ ২৪ঃ বাঘজানৰ জুই। অসমীয়াৰ অস্তিত্বক নিঃশেষ কৰা একুৰা জুই। বিগত ২৬ দিনে ধন-জন নিঃশেষ কৰা বাঘজানৰ জুই নিৰ্বাপিত হ’ব পাৰে এসপ্তাহৰ ভিতৰত। যিকোনো মুহূৰ্ততে এই সুখবৰ পাব পাৰে ৰাজ্যবাসীয়ে। অত্যাধুনিক সা-সৰঞ্জাম, বিদেশী বিশেষজ্ঞ আৰু অল ইণ্ডিয়াৰ যৌথ প্ৰচেষ্টাত ইতিমধ্যে জুই নুমুওৱাৰ প্ৰস্তুতি সম্পন্ন কৰিছে। বাঘজান কাণ্ডৰ ৪১ দিন স্পৰ্শ কৰিলে। স্পৰ্শ কৰিলে অগ্নিকাণ্ডই একুৰি ৬ দিন। ইতিমধ্যে বৃহৎ পানী ৰিজাৰ্ভো খন্দা হৈছে। ভাৰতীয় সেনাবাহিনীয়ে পনটুন ব্ৰীজ নিৰ্মাণ কৰিছে। চাৰিওফালৰ পৰা পানী ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ONGCৰ বৃহৎ পাইপৰ সহায়ত সমীপৰ ডাঙৰী নৈৰ পানী কঢ়িওৱাৰ ব্যৱস্থাও কৰিছে অইল ইণ্ডিয়াই। মুঠতে আন এক যুদ্ধসদৃশ পৰিৱেশৰ মাজত ৭ জুলাইৰ পৰা ১২ জুলাইৰ ভিতৰত ২৬ দিন জ্বলি থকা জুইকুৰা নিৰ্বাপণৰ বাবে সাজু হৈছে অইল ইণ্ডিয়া। অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ মতে এই অগ্নিকাণ্ডৰ বাবে বিগত ২৭ মে’ৰ পৰা সোমবাৰলৈকে সৰ্বমুঠ ৯,১১২ নিযুত মেট্ৰিক ঘনমিটাৰ প্ৰাকৃতিক গেছ লোকচান হৈছে। ইয়াৰ মাজতে ডুমডুমা আৰু তিনিচুকীয়া চক্ৰৰ ক্ষতিগ্ৰস্ত হোৱা ৯০৫টা পৰিয়ালত ক্ষতিপূৰণৰ মূল্যায়ন সম্পন্ন কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। অইল ইণ্ডিয়াৰ ইতিহাসত সৰ্ববৃহৎ দুৰ্ঘটনাৰূপে চিহ্নিত হোৱা গেছ নিৰ্গমনৰ এই ঘটনা পৰিসমাপ্তি ঘটিলেও বাঘজানক জুইকুৰাৰ বিভীষিকাই সদায় খেদি ফুৰিব!
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ