অসম লাইভ ২৪ঃ সত্ৰনগৰী বৰপেটাৰ সন্তান গৌৰাংগলাল দাসক টাইৱানৰ কটকী হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া গৌৰাংগলাল দাস। বৰপেটাৰ মেটুৱাকুছিত ঘৰ এইগৰাকী দক্ষ বিষয়াৰ। ভাৰত-টাইপে এছ’চিয়েছনৰ সঞ্চালকপ্ৰধানৰূপে নিযুক্তি পোৱা গৌৰাংগলাল দাসে আজি টাইৱানলৈ যাত্ৰা কৰিব। এইগৰাকী গৌৰাংগলাল দাসে ১৯৯১ চনত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছিল। কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ১৯৯৩ চনত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছিল। দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৬ চনত দিল্লীৰ স্কুল অব্ ইক’নমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৯ চনত UPSCৰ পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। বৈদেশিক সেৱাৰ বিভিন্ন পদবীত দেশে-বিদেশে সেৱা আগবঢ়োৱা এইগৰাকী অসম সন্তানক টাইৱানত ভাৰতৰ প্ৰতিনিধি হিচাপে নিযুক্তি প্ৰদান কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে অসমবাসীৰ লগতে বৰপেটাবাসী। উল্লেখ্য, এক নীতি অনুসৰি টাইৱানত ৰাষ্ট্ৰদূত নিযুক্তি দিব নোৱাৰে ভাৰতে। সেয়ে ভাৰত-টাইপে এছ’চিয়েছনৰ জৰিয়তে টাইৱানৰ লগত সম্পৰ্ক ৰক্ষা কৰে ভাৰতে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ