অসম লাইভ ২৪ঃ বিগত ৩০ বছৰীয়া যুদ্ধৰ যেন অৱসান ঘটিল ৫ আগষ্টত। ২০১৯ বর্ষৰ নৱেম্বৰত ছুপ্ৰিম ক’র্টে ৰায় দিলে অযোধ্যাৰ বিতর্কিত ভূমিত ৰাম মন্দিৰ নির্মাণ হ’ব। আৰু সেইমতে ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিলে। বলীউড কুইন কংগনা ৰানাৱাটে ইতিপূর্বে অযোধ্যাৰ বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতর্কক লৈ এখন ছবি নির্মাণ কৰাৰ কথা কৈছে। বুধবাৰৰ ৰাম মন্দিৰৰ ভূমি পূজাক সমর্থন কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে ‘বিগত ৫০০ বছৰে যিটো হোৱা নাই এই বছৰ সেয়া সম্ভৱ হৈছে। আজিৰ দিনটো এক ঐতিসাহিক দিন। তেওঁ লগতে কৈছে শ্ৰীৰামৰ অর্থ হ’ল আত্মত্যাগ। আনক উপকাৰ কৰা। শৰীৰৰ মৃত্যু হয় কিন্তু ভাল কামৰ মৃত্যু নাই। আজি ভাৰতত ৰামৰাজ্য প্ৰতিষ্ঠা হ’ল। ভাৰতৰ প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল ভগৱান ৰাম। কেৱল ৰজাই নহয় ৰাম, জীৱনৰ দর্শন হ’ল ৰাম।’ নিজৰ টুইটাৰ একাউণ্টত ৰাম মন্দিৰৰ ভূমি পূজাৰ কিছু ছবি শ্বেয়াৰ কৰে কংগনা ৰানাৱাটে। উল্লেখযোগ্য যে বলীউডৰ একমাত্ৰ কংকগনা ৰানাউটকে দেখা গৈছে এই বিষয়টোত শুভেচ্ছা বার্তা দিয়া। কংগনাই অযোধ্যাৰ দীর্ঘ বছৰীয়া বিতর্কিত ভূমিক লৈ এখন ছবি নির্মাণ কৰিব। চলিত বছৰতেই এই কথা ঘোষণা কৰিছে তেওঁ। এই ছবিৰ নাম ‘অপৰাজিত অযোধ্যা’। ছবিখন প্ৰযোজনাৰ লগতে পৰিচালনাও কৰিব কংগনা ৰানাৱটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ