অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে তাণ্ডৱ চলালে। এই ভাইৰাছে সমগ্ৰ মানৱ জাতিৰ ভয়, উদ্বেগ বৃদ্ধি কৰালে। কিন্তু ভয়, উদ্বেগ হ্ৰাস কৰিবলৈ নির্মাণ কৰা হৈছে এটা স্কেয়াৰ স্কোৱাড। জাপানৰ কুৱাৰাগাৰাচেতা সংস্থাই তৈয়াৰ কৰিছে এই এই স্কেয়াৰ স্কোৱাড। এই স্কোৱাডত আছে এটা কফিন। ১৫ মিনিট সময় ধৰি আপুনি যদি সেই কফিনৰ ভিতৰত থাকে, তাৰ পাছত আপুনি জীৱনৰ সকলো চিন্তা-ভাৱনা-উদ্বিগ্নতা পাহৰি যাব। ক’ৰোনাকালত মানুহ বহু বেছি মানসিক অৱসাদত ভুগিছে। যিকোনো মুহূর্তত ক’ৰোনাত সংক্ৰমিত হ’ব পাৰে, সদায় সেই আতংকত থাকে মানুহ। লকডাউনত গৃহবন্দীৰ ফলত আতংকৰ সমান্তৰালভাৱে অৱসাদে গ্ৰাস কৰে মানুহক। এই মানসিক অৱসাদ আৰু আতংকৰ পৰা মুক্তি দিব ভূতৰ কফিন বা স্কেয়াৰ স্কোৱাডে। স্কেয়াৰ স্কোৱাড হ’ল ৬ ফুটৰ কফিনৰ সদৃশ এটা বাকচ। যিটো বাকচত এজন ব্যক্তি শুব পাৰে। তাৰ পাছত বাকচৰ ভিতৰত ভূতৰ চিনেমা চলাই দিয়া হয়। ভূতবোৰে আপোনাৰ শৰীৰৰ আশে-পাশে ঘূৰি ফুৰিব। আপুনি স্পর্শও কৰিব পাৰে ভূতবোৰক। মাজে মাজে কফিনৰ পৰা আপোনাৰ শৰীৰলৈ ছিটিক পৰিব পানী। ঠাণ্ডা অনুভূতি অনুভূত হ’ব আপোনাৰ শৰীৰত। কুৱাৰাগাৰাচেতা সংস্থাৰ কো-অৰডিনেটৰ কেন্তা ইউয়ানাৰ দাবী ১৫ মিনিটৰ বাবে বাহিৰৰ পৰিৱেশৰ সমস্ত চাপ পাহৰি যাব যিকোনো ব্যক্তিয়ে। ক’ৰোনা আতংকৰ মাজতে অত্যুৎসাহী আৰু ৰোমাঞ্চকৰ মানুহৰ বাবে ভূতৰ এই কফিন যেথষ্ট জনপ্ৰিয় হৈ পৰিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ