অসম লাইভ ২৪ঃ ভয়ানক ভূমিস্খলনত মৃত্যু হ’ল ১২ গৰাকী লোকৰ। ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাত এই ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। মন্নাৰৰ ওচৰত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত এখন চাহ বাগানত কেইবাজনো মজদুৰ আবদ্ধ হৈ আছে। অতি কমেও ৮০ গৰাকী লোক আবদ্ধ হৈ থকাৰ শংকা ব্যক্ত কৰিছে প্ৰশাসনে। প্ৰবল বৰষুণৰ ফলত পথ পানীয়ে ছিঙি নিয়াত ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল ৰাওনা হোৱাত অসুবিধাৰ সন্মুখীন হয়। কমেও ১০ গৰাকী শ্ৰমিকৰ বাসগৃহ ভূমিস্খলনৰ ফলত ধ্বংসস্তূপত পৰিণত হয়। ইতিমধ্যে উদ্ধাৰকাৰী দলে ৭টা মৃতদেহ উদ্ধাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ