অসম লাইভ ২৪ঃ শীঘ্ৰে ঘটিব পাৰে মন্ত্ৰীসভাৰ সালসলনি। ইতিমধ্যে আৰম্ভ হৈছে এনেধৰণৰ চৰ্চা। মোদী মন্ত্ৰীসভাৰ সালসলনি সন্দৰ্ভত ইতিমধ্যে চৰ্চা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত জ্যেষ্ঠ RSS নেতা দত্তাত্ৰেয় হোছাবালে, কৃষ্ণগোপাল আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বৰে এক আলোচনাত মিলিত হোৱাৰ পাছতে চৰ্চালৈ আহিছে এই খবৰ। একাংশৰ দাবী মন্ত্ৰীসভাৰ মধ্যমীয়া বিষয়বাবৰহে সালসলনি ঘটিব। সংবাদ সূত্ৰ অনুসৰি কিছুমান বিভাগত ৰাজনীতিকৰ সলনি কাৰিকৰী বিশেষজ্ঞক দায়িত্ব দিয়াৰ পক্ষপাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। যদি মন্ত্ৰীসভাৰ সালসলনি হয় অসমৰ কোনোবা সাংসদৰ ভাগ্য উদয় ঘটিব নেকি? এই লৈয়ো আৰম্ভ হৈছে চৰ্চা। পিছে, কোনে মন্ত্ৰীৰ সাজ পিন্ধি বৰঝাৰৰ পৰা দিল্লীমুখী বিমানত উঠে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ