অসম লাইভ ২৪ঃ
ভাইৰেলঃ এখন বিমানত এক আজৱ কাণ্ড সংঘটিত হৈছে। এজন যাত্ৰীয়ে মাজ আকাশত থাকোঁতে যাত্ৰীবাহী বিমানখনৰ দুৱাৰখন খোলে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত বিমানখনৰ ভিতৰত আছিল ১৯৪ জন যাত্ৰী। বিমানখন মাটিৰ পৰা প্ৰায় ২৫০ মিটাৰ ওপৰেৰে উৰি আছিল। দুৱাৰখন খুলিলে যিকোনো মুহূৰ্তত এটা ডাঙৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা আছিল। কিন্তু সৌভাগ্যক্ৰমে একো দুৰ্ঘটনা হোৱা নাছিল। ঘটনাটো শুক্ৰবাৰে দক্ষিণ কোৰিয়াৰ চিউলত সংঘটিত হৈছে। আৰক্ষীয়ে বৰ্তমান যাত্ৰীজনক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে কয় যে ঘটনাটো সংঘটিত হোৱাৰ অলপ পিছতে বিমানখন ডাগু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে ঘটনাটো বিমানখনৰ অৱতৰণৰ অলপ আগতে সংঘটিত হৈছিল। উল্লেখ্য যে, দুৱাৰখন খোলাৰ লগে লগে বিমানখনে বিমানবন্দৰত অৱতৰণ কৰিছিল।
ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলি এয়াৰলাইনটোৱে জানিবলৈ দিয়ে। অৱশ্যে, ১২ জন যাত্ৰীৰ হঠাতে উশাহ-নিশাহৰ সমস্যা আৰম্ভ হৈছিল। বিমানখন অৱতৰণ কৰাৰ লগে লগে তেওঁলোকক চিকিৎসাৰ বাবে লৈ যোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ