অসম লাইভ২৪ঃ কংগ্ৰেছ দলে খিলঞ্জীয়াৰ সৈতে আৰু সম্পৰ্ক গঢ়িব নোৱাৰে। কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভুপেন বৰা সন্দৰ্ভত বৰুৱাই কয় যে, খিলঞ্জীয়াৰ মুখামুখি হ’বলৈ সাহস নথকাৰ বাবেই ভূপেন বৰা পলায়ন কৰিছে। কাৰণ মুখামুখি হ’লেই খিলঞ্জীয়াই বৰাক প্ৰশ্ন কৰিব মিঞা মিউজিয়াম অসমত কিয় হ’বলৈ দিলে?
আনহাতে কংগ্ৰেছৰ তথৈবচ অৱস্থাৰ সময়ত কোনকেইটা স্থানত কংগ্ৰেছৰ স্থিতি সবল সেই ঠাইকেইখনৰ কথাও উল্লেখ কৰিছে বৰুৱাই। ‘গোৱালপাৰা, বৰপেটাৰ বাহিৰে বেলেগত কংগ্ৰেছে নাচিব নোৱাৰে। আমি কংগ্ৰেছৰ ভাৰতজোড়ো যাত্ৰাক ভয় নকৰো, আমি সদায় দলৰ সেৱা কৰো। কিন্তু কংগ্ৰেছত দল সেৱাৰ নামত চলে ব্যক্তিসেৱা, টিকটৰ নামত কৰে ধন সংগ্ৰহ। অসমীয়াৰেই দুৰ্ভাগ্য যে মিঞাই ক’ব পৰা হ’ল অসমীয়া ভাষা জীয়াই ৰাখিছে।’ মন্তব্যত এইধৰণৰ কেতবোৰ মন্তব্যও ৰাখে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
ইপিনে, IMDT ৰক্ষণাবেক্ষণৰ বাবে জন্ম হোৱা AIUDFএ মিঞা মিউজিয়ামৰ সমৰ্থন কৰিবই বুলি উল্লেখ কৰাৰ লগতে মিঞাৰ সমৰ্থনত কাম কৰাসকলৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ