অসম লাইভ ২৪ঃ মহামাৰীৰ পৰিণতিত আন সকলোৰে লগতে বলীউডৰ কলা-কুশলীসকলৰ আৰ্থিক অৱস্থাৰো অৱনতি ঘটিছে। শেহতীয়াকৈ শ্বুটিং লাহে লাহে আৰম্ভ হৈছে যদিও কমসংখ্যক লোকৰ দ্বাৰা কাম চলোৱা নিয়মৰ বাবে বেকগ্ৰাউণ্ড ডান্সাৰসকলৰ আৰ্থিক অৱস্থা আৰু বেয়ালৈ গতি কৰিছে। এনে সময়তে সেইসকল বেকগ্ৰাউণ্ড শিল্পীলৈ সহায়ৰ হাত আগবঢ়াইছে অভিনেতা বৰুণ ধৱনে। ABCD 2 আৰু ষ্ট্ৰীট ডান্সাৰ 3D ছবিত নিজে এজন ডান্সাৰৰ চৰিত্ৰত অভিনয় কৰিছিল ধৱনে। সেয়েহে বৰুণ ধৱনে ডান্সাৰসকলৰ বাস্তৱ পৰিস্থিতিৰ বিষয়ে ভালকৈয়ে বুজি পায়। এনে পৰিস্থিতিত বৰুণ ধৱনে ২০০ জন বেকগ্ৰাউণ্ড ডান্সাৰৰ একাউণ্টত ধন সুমুৱাই দিছে। এই কথা সদৰী কৰিছে এজন প্ৰাক্তন বেকগ্ৰাউণ্ড ডান্সাৰে। তেওঁ জনাইছে যে এই পৰিস্থিতিত বহু তাৰকাৰ ওচৰত সাহায্যৰ বাবে অনুৰোধ জনাইছিল ডান্সাৰসকলে। তেওঁ লগতে কৈছে যে বহুতেই এনে সময়ত টকা ধাৰ কৰি সংসাৰ চলাই আছে। বহুতৰ ঘৰত অসুস্থ পিতৃ-মাতৃ। এনে কঠিন পৰিস্থিতিত বেকগ্ৰাউণ্ড নৃত্যশিল্পীসকলৰ ৰক্ষাকৰ্তা হিচাপে বৰুণ ধৱন আগবাঢ়ি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ