যিকোনো এটা কাম কৰিব লাগিলে অকলে কৰাটো সম্ভৱ নহয় । আমি যাক অত্যন্ত ব্যক্তিগত কাম বুলি কওঁ। ভালদৰে চালে দেখা যাব যে সেই কামটোতো কিবা নহয় কিবা প্ৰকাৰে অইনৰ সহায় ল’বলগীয়া হয়েই । সামাজিক কামৰ ক্ষেত্ৰত ‘সামাজিক’ শব্দটোৱে নিজেই কয় যে ই সমূহীয়া । সেই হিচাপে ৰাজহুৱা কাম মানেই হ’ল দহৰ কাম । কিন্তু দেখা যায় যে ৰাজহুৱা কামৰ ক্ষেত্ৰত ক্ষমতা , প্ৰতিপত্তি, লাভালাভ ইত্যাদিৰ কথা যিহেতু জড়িত হৈ থাকে, তেনেক্ষেত্ৰত সৰু-সুৰা কথাতেই ক্ষোভ আৰু বিভাজনৰ সম্ভাৱনা বাঢ়ি যায় ! গণতন্ত্ৰত ই বৰ অস্বাভাৱিকো নহয় । কাৰণ , এনেবোৰ দল , সংগঠন , ব্যক্তি আদৰ্শগতভাৱে ঐক্যবদ্ধ নহয়। ঐক্যৰ বান্ধোন দুৰ্বল । আৰু যদিহে কেৱল ক্ষমতা দখলেই একমাত্ৰ , কেৱল লক্ষ্য হয়, তেনেহ’লে থিতাতে লুটি-বাগৰ মৰাটো সামান্য কথা হৈ পৰে । শাসকীয় দলটোলৈ চালেই প্ৰমাণিত হয় অনায়াসে জাতীয় চিন্তা-চেতনা ঠেকেচা মাৰি থৈ দুটালৈকে ৰাষ্ট্ৰীয় দল সলোৱা মন্ত্ৰী-বিধায়ক বৰ্তমান ! অইন কথা বাদ দিলেও সমৰ্থকলৈ চালেও দেখা যায় যে অসম আন্দোলনৰ সমৰ্থক সকলেই ‘অগপ’ক সমৰ্থন কৰিলে; সেইসকলৰেই একাংশই পৰৱৰ্তী সময়ত কংগ্ৰেছক সমৰ্থন কৰিলে । সেই একেখিনিৰেই একাংশই বিজেপিক সমৰ্থন কৰিলে । সাংবিধানিকভাবে এইক্ষেত্ৰত কাকো কোনেও একো ক’বলগীয়া নাথাকে । সকলোৰে চিন্তাৰ স্বাধীনতা আছে । দল-মত-পথ গ্ৰহণৰ অধিকাৰ আছে ! যদিহে এনে চিন্তা-চেতনা, মত-পথে দহৰ ক্ষতি নকৰে । কিন্তু ইমানৰ পিছতো ৰাইজৰ মনত অৱধাৰিতভাবে প্ৰশ্ন আহে-প্ৰকৃততে এইসকলৰ নীতি আৰু আদৰ্শনো বাৰু কি ? এইসকলক আগত ৰাখিয়েই ছাগে কবিয়ে ‘হঠাৎ পেট্ৰিয়ট’ শীৰ্ষক কবিতাত কৈছিল- ‘আজি এক্সট্ৰিমিষ্ট্, কালি মডাৰেট , পৰহি ৰেট্ৰ’গ্ৰেড্ … আমি যেনে মাছ দেখোঁ, তেনে জাল গোঁঠো , ইটি এৰি ধৰোঁ সিটি… আমাৰ হঠাৎ বদলে নীতি ….’ । সেইদৰে দেৱকান্ত বৰুৱাদেৱে কৈছিল-‘ মন্ত্ৰিত্বই যাৰ শেষ কল্পনা এছেমব্লী যাৰ আশা , সিনো কি বুজিব হেৰা বীৰ তোমাৰ ৰণ দুৰ্মদ ভাষা।’
এনে প্ৰেক্ষাপটতেই দেখা পাওঁ যে দৃঢ় ঐক্যৰ প্ৰথম আৰু প্ৰধান ভেটিটোৱেই হ’ল আদৰ্শগত ঐক্য । দ্বিতীয় আধাৰ হ’ল একে লক্ষ্য আৰু উদ্দেশ্য । কিন্তু শ্ৰেণী চৰিত্ৰৰ ফালৰ পৰা যিহেতু মধ্যবিত্তৰ শ্ৰেণী চৰিত্ৰ দোদুল্যমান, সেয়েহে নিজকে আদৰ্শগতভাবে দৃঢ় কৰি নোলোৱালৈকৈ ব্যক্তি , দল , সংগঠনৰ মাজত এনেবোৰ সমস্যা থাকিয়েই যাব ! এনেক্ষেত্ৰত নিম্নতম কৰ্মসূচীকেই আমি বহু মতৰ মাজত ৰাজনৈতিক আদৰ্শৰ বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰোঁ ।
সম্প্ৰতি অসমৰ সন্মুখত দুটা গুৰুত্বপূৰ্ণ সমস্যা পৰ্বতপ্ৰমাণ হৈ থিয় দি আছে । এটা হ’ল-অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জনগাঁঠনিৰ অভাৱনীয় পৰিৱৰ্তনেৰে অস্তিত্বৰ আশংকা । দ্বিতীয়টো হ’ল- সম্পদৰ অধিকাৰেৰে অৰ্থনৈতিক স্বাৱলম্বীতা , যাৰ দ্বাৰা নিবনুৱা সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব ।
আমি বিশ্বাস কৰোঁ যে , যিসকলে অসমক সঁচাকৈয়ে ভাল পায় (‘সঁচাকৈয়ে’ শব্দটোত জোৰ দিছোঁ) সেইসকলে উল্লিখিত সমস্যা দুটা যে এই সময়ৰ ঘাই সমস্যা সেইক্ষেত্ৰত সেইসকলৰ কাৰো দ্বিমত নাই । বাকী থকা অলেখ সমস্যা এইবোৰৰ লগৰেই । ইমানখিনিলৈকে যদি একমত হওঁ , তেতিয়াহ’লে সাধাৰণভাবে চাবলৈ গ’লে ঐক্যবদ্ধ হ’বই পৰা যায় ! তেতিয়াহ’লে অৱধাৰিতভাবে এই প্ৰশ্নটো আহিবই যে কিয় ইমানদিনে ঐক্যবদ্ধ নহ’ল ? সকলোৱেইতো জানে যে ঐক্যবদ্ধ হ’ব লাগে ! আৰু ঐক্যবদ্ধ হোৱা নাই বুলি ক’লেও কথাষাৰ শুদ্ধ নহ’ব । কাৰণ সততে এইষাৰ কথা কৈ থকা হয় যে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিছটা সংগঠন ! কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সত্তৰটা সংগঠন… ইত্যাদি। সমস্যাটোৰ আৰম্ভণি এইখিনিৰ পৰা- কিয় ত্ৰিছে সত্তৰে লগ নালাগে ? মাজে মাজে দুই চাৰিজন ব্যক্তিয়ে বা চকুত নপৰা দুই এটা সংগঠনে নিজেই উদ্যোগ লৈ ঐক্যবদ্ধ কৰাৰ প্ৰয়াস নকৰা নহয় । কিন্তু দুখজনকভাবে দেশ, জাতি, জনসাধাৰণৰ স্বাৰ্থতকৈ কোনো কোনোৱে নিজস্ব ক্ষুদ্ৰ আবেগ আদিক প্ৰাধান্য দিয়া বাবে ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত এতিয়াও আশানুৰূপ ফল লাভ কৰা নাই ।
এই লিখাটো লিখি থাকোঁতে অসমৰ এই সময়ৰ আটাইতকৈ শুভ সংবাদ এটা পাই ঐক্যবদ্ধ হোৱাৰ আশাৰ ৰেঙণি দেখা পোৱা গৈছে । সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অখিল গগৈৰ চিকিৎসা আৰু মুক্তিৰ দাবী কৰিছে ! আমি আশ্বস্ত হৈছোঁ ! এনে লাগিছে যেন ঐক্যৰ ভেঁটি প্ৰস্তুত হ’ব ধৰিছে ! ইতিমধ্যে নৱগঠিত ‘আঞ্চলিক গণ মৰ্চা’ৰ মুখ্য আহ্বায়ক সাংসদ শ্ৰীযুত অজিত কুমাৰ ভূঞা ডাঙৰীয়াইও ঐক্যবদ্ধ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে । কিন্তু , সম্প্ৰতি ক’ৰোনাৰ বাবে শাসকীয় দলৰ বাহিৰে অইন সকলোৱেই ঘৰতে সোমাই থাকিবলগীয়া হোৱা হেতুকে সকলো প্ৰয়াসেই বাধাপ্ৰাপ্ত হৈছে !
ঐক্যবদ্ধ হ’বই লাগিব । আৰু এই ঐক্যবদ্ধ হোৱাৰ বাবে বা কৰাৰ বাবে অৱধাৰিতভাবে সংগ্ৰাম গঢ়ি তুলিব লাগিব । এই সংগ্ৰাম হ’ব- লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰয়োজন হোৱা ঐক্যৰ বাবে সংগ্ৰাম বা অভিযান বা যাত্ৰা ।
কিন্তু অসমৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কৰিবলগীয়া প্ৰতিটো সংগ্ৰামৰ বাবে অসমৰ সকলো জাতীয়-গণতান্ত্ৰিক মনোভাবাপন্ন ব্যক্তি-দল-সংগঠন নিঃসংকোচে ঐক্যবদ্ধ হ’ব লাগিবই । অন্যথা ‘কেব’ৰ সময়ৰ দৰে পুনৰ ব্যৰ্থ হ’ব লাগিব ! আমি নিবিচাৰিলেও, বেয়া পালেও ঘটনা এইটোৱেই ঘটিব !
ছবছৰীয়া অসম আন্দোলনৰ সময়তো সদৌ অসম গণ-সংগ্ৰাম পৰিষদ গঠনত কিছু শুভাকাঙ্খীৰ সহযোগত সদৌ অসম ছাত্র সন্থাই আগভাগ লৈছিল । অসমৰ ৰাইজে বিছাৰিছে ‘কা’ বিৰোধী শক্তি ঐক্যবদ্ধ হওক ।
আমি ভাবোঁ, অসমত এতিয়ালৈকে যিমানবোৰ সৰু ডাঙৰ ‘কা’ বিৰোধী দল-সংগঠন-ব্যক্তি আছে সকলোকে লৈ এখন ঐক্যমঞ্চ গঠন কৰা হওক । কাৰণ ইতিমধ্যে সঃ অঃ ছাঃ সঃ-য়ো ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলোৱা বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছে । তেতিয়াহ’লে স্পষ্টভাৱে ২০২১ৰ বিধান সভা নিৰ্বাচন সকলোৰে লক্ষ্য হ’ব । এনে ক্ষেত্ৰত ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা বহুগুণে বেছি । আমি ভাবোঁ, নিৰ্বাচনৰ বাবে নীতি হোৱা উচিত- ‘কা’ বিৰোধী শিবিৰৰ পৰা এটা সমষ্টি, এজন প্ৰাৰ্থী !
সেইদৰে , লক্ষ্য হোৱা উচিত- (১) নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিলকৰণৰ যাৱতীয় কাম কৰা, (২) সকলো মৃত উদ্যোগ পুনৰ্জীৱিতকৰণ আৰু কৃষিভিত্তিক উদ্যোগ স্থাপনৰ যাৱতীয় দিহা কৰা, (৩) কৃষিভূমিৰ সঠিক ব্যৱহাৰ কৰি উৎপাদন , সংগ্ৰহ , সঠিক সংৰক্ষণ আৰু বিপণনৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণেৰে সেউজ বিপ্লৱৰ সূচনা কৰা, (৪) জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰে অসমক বিশ্বৰ ভিতৰতে এখন লেখত ল’বলগীয়া পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা, (৫) প্ৰতিগৰাকী নিবনুৱা যুৱক-যুৱতীৰ বাবে যোগ্যতানুসৰি প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শ্ৰমৰ মৰ্যাদাৰ এক বাস্তৱমুখী যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰা।
এনেবোৰ লক্ষ্য নিৰ্বাচনী ভাষণ নহৈ শোষিত বঞ্চিত অসমক ন-কৈ গঢ়া তোলাৰ মহান কৰ্মযজ্ঞ হওক । প্ৰতিশ্ৰুতি প্ৰতাৰণাৰ বাবে নহৈ নিষ্ঠা আৰু সাধনাৰে পালনৰ বাবে হওক ।
(লেখক শঙ্কৰ শইকীয়া এগৰাকী প্ৰতিষ্ঠিত কবি তথা নিবন্ধকাৰ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ