অসম লাইভ২৪ঃ ৰাজ্যত বৃদ্ধি পাব সুৰাৰ বিপনী। সুৰাৰ নতুন বিপনীৰ অনুজ্ঞাপত্ৰৰ বাবে ছাৰ্ভে চলাইছে আবকাৰী বিভাগে। অবৈধ অৰুণাচলী সুৰা ৰোধ কৰিবৰ বাবেহে এই নতুন অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰিছে আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইপিনে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহ সংগ্ৰহৰ বাবে এই কাৰ্য কৰা নাই।
চুলাইৰ সলনি ভাল সুৰা সেৱন কৰিবলৈ আহ্বান জনাইছে পৰিমল শুক্লবৈদ্যই কয়, ‘ৰাজ্যত শীঘ্ৰেই বৃদ্ধি হ’ব সুৰাৰ বিপণী। সুৰাৰ নতুন বিপনীৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত ছাৰ্ভে চলি আছে। ৰাজহ সংগ্ৰহৰ বাবে নহয় অৰুণাচলৰ অবৈধ সুৰা ৰোধ কৰিবৰ বাবেহে আমি নতুন অনুজ্ঞাপত্ৰ দিম।’ আনহাতে সকলো বাৰৰ অনুজ্ঞাপত্ৰ সুৰাৰ বিপণীলৈ পৰিৱৰ্তন হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
হিমন্ত বিশ্ব চৰকাৰৰ সময়ত মাত্ৰ ২০ খন সুৰাৰ বিপণীৰ বাবে বিজ্ঞাপন দিয়া হৈছে। ১০খন অনুজ্ঞাপত্ৰ এতিয়ালৈ দিয়া হৈছে। ২০২২-২০২৩ বিত্তীয় বৰ্ষত আৱকাৰী ৰাজহ বৃদ্ধি হ’ব। যোৱা বিত্তীয় বৰ্ষত ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল। ইয়াৰোপৰি শুক্লবৈদ্যই কয়, ‘২০১৬ত চৰকাৰ গঠন কৰোতে আমি বাৰৰ অনুমতি দিয়া নাছিলো। কিন্তু এতিয়া আমি দেখিছো যিবোৰ অঞ্চলত ৱাইন শ্ব’প নাই তাত মানুহে চুলাই বা অৰুণাচলৰ সুৰা খায়। যাৰ বাবে আমাৰ ৰাজহ লোকচান হয়। ক’ত অনুজ্ঞাপত্ৰ দিব পাৰি আমি ছাৰ্ভে কৰি দিম।’
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে সামাজিক দিশটোলৈ লক্ষ্য ৰাখি কয়, ‘আমি সুৰাপান কৰিবলৈ দিয়া নাই, কিন্তু অবৈধ প্ৰক্ৰিয়াটো বন্ধ কৰিব খুজিছো। আমি ৰাজহ সংগ্ৰহ কৰিব খোজো। কোনো লোকে যদি সুৰা পান কৰে ভাল সুৰা পান কৰক। লোকেল চুলাই পান কৰি বহু লোকৰ মৃত্যু হৈছে। মানুহে যাতে ভাল সুৰা পান কৰি জীয়াই থাকে তাৰ চিন্তা কৰিছো। জনগোষ্ঠীয় পানীয়ও যাতে ভালদৰে বিক্ৰী কৰিব পাৰে তাৰ বাবেও আমি আইন অনাৰ কথা চিন্তা কৰিছো। সুৰা বিক্ৰী বা ব্যৱহাৰ বেছি হোৱা নাই, আমি মূল্যও বৃদ্ধি কৰা নাই, মাথোঁ ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থাতো উন্নত কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ