অসম লাইভ২৪ঃ আৰু কেইটামান ঘণ্টাৰ পাছতেই আৰম্ভ হ’ব বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণ৷ কাইলৈ অৰ্থাৎ ২০ এপ্ৰিলৰ পুৱা ৭ বাজি ৫ মিনিটৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ৷ দুপৰীয়া ১২ বাজি ২৯ মিনিটলৈ থাকিব এই গ্ৰহণ৷ হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যগ্ৰহণৰ বিশেষ মহত্ব আছে৷ সূৰ্যগ্ৰহণৰ সময়ত বিশেষ কিছু কাম কৰিব নালাগে৷ গ্ৰহণৰ সময়ত কেতিয়াও কোনো শুভ কাম হাতত ল’ব নালাগে৷ গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষ কিছু সাৱধানতা অৱলম্বন কৰিব লাগে৷
সূৰ্যগ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলাব নালাগে৷ গ্ৰহণৰ সময়ত বাহিৰলৈ ওলালে গৰ্ভজাত সন্তানৰ ওপৰত প্ৰভাৱ পৰে৷
গৰ্ভৱতী মহিলাই কেতিয়াও সূৰ্যগ্ৰহণ চাব নালাগে৷
গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাই ভুলতো ধাৰ থকা সামগ্ৰী হাতত ল’ব নালাগে৷ অৰ্থাৎ কোনো সামগ্ৰী কাটিব নালাগে৷
সূৰ্য গ্ৰহণ শেষ হোৱাৰ পাছত গৰ্ভৱতী মহিলাই গা ধোৱাটো খুবেই প্ৰয়োজন৷ যদি গা ধোৱা সম্ভৱ নহয় তেন্তে ভৰি হাত হ’লেও ধুব লাগে৷
গ্ৰহণ লাগি থকাৰ সময়ক মনৰ ভিতৰতো কোনো মন্ত্ৰ জপ কৰিব লাগে নতুবা ভগৱানক ভক্তি কৰিব লাগে৷
গৰ্ভৱতী মহিলাসকলৰ শৰীৰত যাতে গ্ৰহণৰ বেয়া প্ৰভাৱ নপৰে তাৰবাবে মুখত এখন তুলসী পাত লৈ হনুমান চালিছা পাঠ কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ