অসম লাইভ ২৪ঃ ভাগ্যৰ চকৰি কাৰ কেতিয়া কেনেকৈ ঘূৰে সেই কথা কোনেও নাজানে। তেনে এটা ঘটনা ঘটিছে মধ্যপ্ৰদেশত। মধ্যপ্ৰদেশৰ এজন খেতিয়কে নিশাটোৰ ভিতৰতে হ’ল ৬০.৬ লাখ টকাৰ গৰাকী। শুনিবলৈ আচৰিত যেন লাগিলেও প্ৰকৃততে এয়াই সত্য। মধ্যপ্ৰদেশৰ লক্ষ্মণ যাদৱ নামৰ এজন কৃষকে কৃষিকর্মৰ বাবে মাত্ৰ ২০০ টকাত এটুকুৰা মাটি বন্ধকত লৈছিল। বন্ধকত লোৱা মাটিখিনিত কৃষিকর্মৰ বাবে চহ কৰিছিল যাদৱে। চহ কৰি থকা অৱস্থাতে তেওঁ এটা পাথৰ দেখা পায়। পাথৰটো পৰিষ্কাৰ কৰি তেওঁ ধৰিব পাৰে যে সেইটো সাধাৰণ পাথৰ নহয়। লগে লগে যাদৱৰ মনত খুদুৱনি আৰম্ভ হয়। ইয়াৰ পাছতে যাদৱে চহৰৰ এখন গহনাৰ দোকানলৈ গৈ পাথৰটো দেখুৱাত দোকানীয়ে পাথৰটো হীৰা বুলি চিহ্নিত কৰে। হীৰা টুকুৰাৰ ওজন আছিল ১৪.৯৮ কেৰেট। পিছত এক নিলামযোগে যাদৱে হীৰা টুকুৰা বিক্ৰী কৰি ৬০.৬ লাখ টকা লাভ কৰে। ইমানখিনি টকা কি কৰিব বুলি সোধাত যাদৱে কয় যে হীৰা বিক্ৰী কৰি লাভ কৰা বেছি অংশ টকা ফিক্সড ডিপ’জিট কৰিব, যাতে ভৱিষ্যতে সন্তানে ভালদৰে পঢ়া-শুনা কৰিব পাৰে। বাকী ৰোৱা অংশৰ কিছু টকাৰে এখন মটৰ চাইকেলো কিনিছে যাদৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ