प्रेरकः सूचकश्वैव वाचको दर्शकस्तथा,शिक्षको बोधकश्चैव षडेते गुरवः स्मृताः। উক্ত শ্লোক ফাকিৰ অৰ্থ হৈছে প্ৰেৰণা দিয়া, সূচনা দিয়া, সত্য কথা কোৱা, সত্যৰ পথ প্ৰদৰ্শন কৰা, শিক্ষা আৰু জ্ঞান প্ৰদান কৰা সকলো ব্যক্তিয়ে গুৰুতুল্য। শিক্ষাৰ তেনে গৌৰৱোজ্জ্বল বৰ্তমানক নতুন উশাহ প্ৰদান কৰাৰ মাত্ৰে বিভিন্নজনে এই মহামাৰীৰ সময়তো নিজৰ সাধ্যানুযায়ী শিক্ষাদানৰ চেষ্টা কৰি আহিছে। লাহে লাহে বিদ্যালয়বোৰ খুলিবলৈ লৈছে যদিও অদ্যপি অব্যাহত আছে কোভিডৰ সন্ত্ৰাস।
কোভিডৰ এনে বিভীষিকাৰ মাজতে সৰ্থেবাৰীৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক সম্পূৰ্ণ কৰা ভাৰ্গৱ তামুলী আৰু বিপুল ডেকাৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত জন্ম পোৱা ‘তেজস’ নামৰ প্ৰশিক্ষণকেন্দ্ৰই সৰ্থেবাৰীত সৃষ্টি কৰিছে জ্ঞানৰ অন্বেষণৰ। আগন্তুক অসম আৰক্ষীৰ কনিষ্টবলৰ লিখিত পৰীক্ষাৰ বাবে তেজসে দৈনিক মাত্ৰ ২ টকাত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।
তেজসৰ প্ৰশিক্ষক ভাৰ্গৱ তামুলীয়ে নিঃস্বাৰ্থভাৱে সৰ্থেবাৰীৰ লগতে ইয়াৰ ওচৰৰ গাঁৱলীয়া যুৱক-যুৱতীক ভাৰতীয় সেনাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ আৰম্ভ হোৱা অসম আৰক্ষীৰ কনিষ্টবলৰ শাৰীৰিক পৰীক্ষাত উক্ত প্ৰশিক্ষণকেন্দ্ৰৰ পৰা বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেজসৰ তৰফৰ পৰা আৰম্ভ কৰা স্পীকিং ইংলিছৰ ক্লাছেও যথেষ্ট সঁহাৰি পোৱা বুলি প্ৰশিক্ষক ভাৰ্গৱ তামুলীয়ে জানিবলৈ দিছে। শুভাকাংক্ষীৰ এনে উৎসাহৰ বাবে তেওঁলোকে মাত্ৰ দুটকাত শিক্ষাদান কৰাৰ দৰে সৎ সাহস কৰিবলৈ লৈছে।
অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঠ্যক্ৰমত ভাৰ্গৱ তামুলী আৰু বিপুল ডেকাৰ উপৰিও প্ৰশিক্ষণ প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ সম্পূৰ্ণ কৰা প্ৰশিক্ষক বৰ্ণালী তামুলী আৰু বজালী মহাবিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰীধাৰী প্ৰশিক্ষক দেৱাশীষ গোস্বামীয়ে। লিমিটেড আসনৰ সুবিধা থকা এই প্ৰশিক্ষণকেন্দ্ৰৰ এনেধৰণৰ সুন্দৰ প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ