অসম লাইভ২৪ঃ হিন্দু ধৰ্মত শাওণ মাহৰ বিশেষ মাহাত্ম্য আছে। এই মাহটো শিৱৰ নামৰ সমৰ্পিত। ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওণ মাহত এইবাৰ শুভ যোগ তৈয়াৰ হৈছে। যাৰ বাবে এইবাৰ শাওন মাহৰ গুৰুত্ব বাঢ়িছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি শাওণ মাহত ৩০ বছৰ পাছত এই শুভ যোগ আহিছে। ৩০বছৰ পাছত কুম্ভ ৰাশিত অৱস্থান কৰিছে শনিয়ে। ইয়াৰ পৰাই ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হৈছে। শাওণ মাহত প্ৰায় তিনি দশক পাছত এই বিৰল যোগ পৰিছে। এই বিৰল যোগৰ প্ৰভাৱতেই ভাগ্য উদয় হ’ব ৪ৰাশিৰ। শাওণ মাহত কোন কোন ৰাশিৰ বাবে ভাল খবৰ আহিব?
মেষ ৰাশি
শাওণ মাহত মেষ ৰাশিৰ জাতকসকলৰ বাবে ভাল খবৰ আহিব। এই মাহত ব্যৱসায়ত উন্নতি হ’ব মেষ ৰাশিৰ জাতকসকলৰ। এই যোগৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকসকলৰ মান-সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব। ইয়াৰোপৰি এই ৰাশিৰ জাতকসকলৰ সুখ বৃদ্ধি পাব। এই ৰাশিৰ বিবাহৰ যোগ আছে। ৰৈ যোৱা বহু কামো এইসময়তে সম্পন্ন হ’ব।
মিথুন ৰাশি
জ্যোতিষ শাস্ত্ৰমতে শাওণ মাহত শনিৰ ৰাজযোগত সকলো কামতে সফলতা আহিব। আপোনাৰ দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তান সুখ লাভ কৰিব এই ৰাশিৰ জাতকে। সন্তানৰ উন্নতি হ’ব। আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। এই মাহতেই অবিবাহিতসকলে বিয়াৰ খবৰ পাব পাৰে।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই সময় অনুকূল। এই সময়ত চাকৰীয়ালৰ পদোন্নতি হ’ব। ইয়াৰোপৰি আপোনাৰ সমস্ত মনোকামনা পূৰণ হ’ব। সুখ আহিব। নতুন কামৰ সূচনা কৰিব পাৰে। আয় বৃদ্ধি সম্ভৱ। দাম্পত্য জীৱন সুখকৰ হ’ব।
বৃশ্চিক ৰাশি
এই ৰাশিৰ জাতকসকলে শাওণ মাহত লাভৱান হ’ব। এই সময়ত স্বাস্থ্যৰ উন্নতি হ’ব। ৰোগৰ পৰা মুক্তি লাভ কৰিব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব। এই ৰাশিৰ জাতকসকলে চাকৰি পৰিবৰ্তনৰ চিন্তা কৰিব পাৰে। এই সময়তেই পদোন্নতি আৰু দৰমহা বৃদ্ধিও হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ