অসম লাইভ ২৪ঃ বলীউডৰ আবেদনময়ী অভিনেত্ৰী কেটৰীনা কাঈফৰ আজি ৩৭ বছৰীয়া জন্মদিন। ‘বুম’ ছবিত অভিনয় কৰি বলীউডত অভিনয়ৰ পাতনি মেলা কেটৰীনাই খুব ভালকৈ হিন্দী ক’ব নাজানিছিল। তথাপিও বলীউডত এক সুকীয়া স্থান দখল কৰিছে অভিনেত্ৰীগৰাকীয়ে। ৩৭ বছৰীয়া জন্মদিনত কেটৰীনাৰ জীৱনৰ বহুকেইটা গুৰুত্বপূর্ণ কথা আপোনাক জনাম। কেটৰীনাৰ প্ৰকৃত নাম কেটৰীনা টার্কুট। ২০০৩ চনত কেটৰীনা অভিনীত ‘বুম’ ছবিৰ প্ৰযোজক টাইগাৰ শ্ৰফৰ মাতৃ আয়েশা শ্ৰফে কেটৰীনাক নিজৰ নাম সলাই ল’বলৈ উপদেশ দিয়ে। তাৰ পাছতেই কেটৰীনাই বলীউডত এণ্ট্ৰি মাৰে কেটৰীনা কাঈফ নামেৰে। কেটৰীনাৰ পিতৃৰ নাম মহম্মদ কাঈফ। কিন্তু পিতৃৰ লগত সৰুতেই কেটৰীনাই সম্পর্ক ছিঙি মাতৃ ছুজানা টার্কুটৰ লগত আছিল। কেটৰীনাৰ আছে ৬ গৰাকী ভগ্নী আৰু এজন ভাতৃ। কেটৰীনাৰ জন্ম হৈছিল হংকঙত। ১৪ বছৰ বয়সলৈকে কেটৰীনা আছিল হাৱাইত। মুম্বাইলৈ অহাৰ পূর্বে চীন, পলেণ্ড, ছুইজাৰলেণ্ড আদি বহু ইউৰোপীয়ান দেশ ভ্ৰমণ কৰিছিল। আপুনি শুনি আচৰিত হ’ব কেটৰীনা যোৱা নাছিল স্কুললৈ। স্কুলৰ শিক্ষা কেটৰীনাক ঘৰতেই দিছিল মাতৃ ছুজানাই। ব্ৰিটিছ অভিনেত্ৰী কেটৰীনাই হিন্দী ছবিৰ উপিৰও তেলেগু, মালায়ালাম ভাষাৰ ছবিতো অভিনয় কৰিছিল। বলিউডত চলমান খানৰ লগত এফেয়াৰ আৰম্ভ হৈছিল কেটৰীনা কাঈফৰ। কিন্তু সেই সম্পর্ক চিৰস্থায়ী নহ’ল। ইয়াৰ পাছত অক্ষয় কুমাৰৰ সৈতেও এক সম্পর্ক গঢ়ি উঠিছিল কেটৰীনাৰ। কিন্তু সেয়াও ক্ষণস্থায়ী। ৩৭ বছৰ বয়সতো বিয়াত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। জন্মদিনত অনুৰাগীয়ে শুভেচ্ছাৰে ওপচাই পেলাইছে অভিনেত্ৰী কেটৰীনা কাঈফক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ