ডিজিটেল ডেস্কঃ কাইলৈ দেশে পালন কৰিব স্বাধীনতা দিৱস৷ পূৰ্বতকৈ যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে এইবাৰ আয়োজন কৰা হৈছে এই উৎসৱ৷ ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত ১৩ আগষ্টৰ পৰাই উৰুওৱা হৈছে ৰাষ্ট্ৰীয় পতাকা৷ নতুন দিল্লী লালকিল্লাৰ পৰা আৰম্ভ কৰি গাঁৱে গাঁৱে স্বাধীনতা দিৱসৰ ব্যাপক আয়োজন চলিছে৷ এনে সময়তে চৰ্চা চলিছে স্বাধীনতাৰ সংখ্যাক লৈ৷ এয়া ৭৫ সংখ্যক নে ৭৬সংখ্যক তাকে লৈ সামাজিক মাধ্যমতো আৰম্ভ হৈছে আলোচনা৷
দৰাচলতে, ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা হিচাপ কৰিলে দেশে স্বাধীনতাৰ ৭৫টা বছৰ সম্পূৰ্ণ কৰিব৷ অৰ্থাৎ ১৫ আগষ্ট ২০২২ৰ পৰা আৰম্ভ হ’ব স্বাধীনতাৰ ৭৬ সংখ্যক বৰ্ষ৷
তেন্তে চৰ্চাৰ ভিত্তি কি?
প্ৰকৃততে বিগত বৰ্ষত অৰ্থাৎ ২০২১ চনত যেতিয়া দেশে ৭৫ বৰ্ষত ভৰি দিছিল তেতিয়া বছৰজোৰাকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ পালনৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় চৰকাৰে৷ ২০২১ চনৰ ১৫ আগষ্টৰ পৰা দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ৷ সোমবাৰৰ পৰা পালন দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক বছৰ আৰম্ভ হ’ব৷ এই চৰ্চাৰ মাজতে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়েও এই বিষয়ে প্ৰকাশ কৰিছে জাননী৷ জাননীখনত প্ৰকাশিত অনুসৰি ৭৫ সংখ্যক বছৰ সম্পূৰ্ণ কৰি দেশে ভৰি দিব স্বাধীনতাৰ ৭৬ সংখ্যক বছৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ