এখন অসুস্থ ছিটিবাছ
নীলিম কুমাৰ
এখন অসুস্থ ছিটিবাছ।
মহানগৰৰ মাজেদি অহা-যোৱা কৰে
উশাহত কষ্ট। ৰাস্তাৰ কাষত ৰখাই
কেতিয়াবা অলপ জিৰায়। ক’লা ধোঁৱা উৰুৱায়।
কেতিয়াবা কৰে ঘেৰ-ঘেৰ, যেন শ্বাসনলীৰ মাত।
এখন অসুস্থ ছিটিবাছ।
খুব লাহে লাহে অহা-যোৱা কৰে
মহানগৰৰ ব্যস্ততাৰ মাজেদি।
দৌৰা-দৌৰিৰ এখন মহানগৰ, হৰ্ন আৰু
অ’ভাৰটেকৰ এখন মহানগৰ, তিৰবিৰাই থকা
দুচকুৰ আহ্বানৰ এখন মহানগৰ।
তাৰ মাজেদি বাট কাটি-কাটি
ক’লা ধোঁৱা উৰুৱাই
আহে এখন অসুস্থ ছিটিবাছ।
যাত্ৰী উঠে আৰু গাড়ীৰ গতি দেখি
তৎক্ষণাৎ নামি যায়। যাত্ৰীৰ গালি খায়
এখন অসুস্থ ছিটিবাছ।
আঠশ বছৰীয়া এজন ড্ৰাইভাৰ।
পাঁচশ বছৰীয়া এজন হেণ্ডিমেন।
নাম সুধিলে ড্ৰাইভাৰে কয়-চুকাফা।
হেণ্ডিমেনে কয়-গদাপাণি।
লাইছেন্স নাই। ট্ৰেফিক পুলিছৰ
মূৰৰ কামোৰণিৰ এখন বাছ।
ছাত্ৰ-ছাত্ৰীসকলে স্কুল কলেজলৈ সময়মতে
গৈ নোপোৱা এখন বাছ।মন্দিৰলৈ যাবলৈ
তিৰোতাবোৰৰ দেৰি হৈ যোৱা এখন বাছ।
ইতিহাসে দিয়া এখন আজীৱন লাইছেন্স লৈ
চলি থাকে এখন অসুস্থ ছিটিবাছ।
ভুলতে যাত্ৰী উঠে আৰু লগে লগে নামে
কোনেও উঠিব নোখোজে সেইখন বাছত, যিখন
ভৱিষ্যতৰ ট্ৰেফিক জামৰ পৰা আঁতৰি যায়।
মাথোঁ এজনী যুৱতী আছে এই মহানগৰত,
তাইৰ নাম কমলাকুঁৱৰী।
যিয়ে এই অসুস্থ বাছখনত উঠিবলৈ ভাল পায়।
আৰু সদায় আহে, খিৰিকী কাষত বহে।
যি কোনোদিনে মন্দিৰলৈ নাযায়।
ঘৰৰপৰা ওলাই আহোঁতে যি
সদায় মাকৰ গালত খাই আহে
এহেজাৰ বছৰীয়া এটা চেঁচা চুমা!
বুৰঞ্জীৰ একা-বেঁকা ভাবনাৰে মহানগৰৰ মাজেদি
সদায় অহা-যোৱা কৰে এখন অসুস্থ ছিটিবাছ।
ড্ৰাইভাৰৰ নাম চুকাফা।
হেণ্ডিমেন গদাপাণি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ